ইণ্ডিয়া ডিজিটেল ইক'চিষ্টেম শক্তিশালী কৰিবলৈ একত্ৰিত এয়াৰটেল আৰু এক্সিছ বেংক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 March 2022

ইণ্ডিয়া ডিজিটেল ইক'চিষ্টেম শক্তিশালী কৰিবলৈ একত্ৰিত এয়াৰটেল আৰু এক্সিছ বেংক

 

প্ৰথমবাৰৰ বাবে অভিনৱ বিত্তীয় আৰু ডিজিটেল সেৱাৰ এটা শৃংখলা সহযোগিতা প্ৰৱৰ্তন

একচেটিয়া লাভালাভৰ সৈতে প্ৰথমে এয়াৰটেল এক্সিছ বেংক ক্ৰেডিট কাৰ্ড মুকলি


W7s News গুৱাহাটী: ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল) আৰু ভাৰতৰ তৃতীয় সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক এক্সিছ বেংকে

বিভিন্ন বিত্তীয় সমাধানৰ বাবে আজি ভাৰতৰ ডিজিটেল ইক'চিষ্টেম বিকাশত এক শক্তিশালী আৰু কৌশলগত অংশীদাৰীত্বৰ ঘোষণা কৰিছে।


দেশত ডিজিটেল পেমেন্ট গ্ৰহণ ত্বৰান্বিত কৰাৰ বাবে আগন্তুক মাহবোৰত এয়াৰটেল আৰু এক্সিছ বেংকে কেৱল এয়াৰটেলৰ ৩৪০ নিযুতৰো অধিক গ্ৰাহক বাবে বিভিন্ন অভিনৱ বিত্তীয় অফাৰ আৰু ডিজিটেল সেৱা বজাৰলৈ আনিব। ইয়াত অন্তৰ্ভুক্ত থাকিব উদ্যোগৰ আগশাৰীৰ লাভালাভৰ সৈতে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড, পূৰ্ব অনুমোদিত তাৎক্ষণিক লোন, বাই নাও পে লেটাৰ অফাৰিং আৰু বহুতো। এই 

অংশীদাৰীত্বই ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰসাৰৰ সৈতে সমগ্ৰ দেশতে ডিজিটেল পেমেন্ট সক্ষম কৰি মফচলিয়া বজাৰত প্ৰৱেশ কৰাত সহায় কৰিব।


এই অংশীদাৰীত্ব আজি প্ৰথম প্ৰকাৰৰ 'এয়াৰটেল এক্সিছ বেংক ক্ৰেডিট কাৰ্ড' মুকলি কৰাৰ সৈতে আৰম্ভ কৰা হৈছে, যিয়ে এয়াৰটেল গ্ৰাহকসকলক বহুতো আকৰ্ষণীয় লাভালাভ প্ৰদান কৰিব।


এয়াৰটেল এক্সিছ বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলে ব্যয়ৰ ওপৰত আকৰ্ষণীয় পুৰস্কাৰ – 


# ম'বাইল/ডিটিএইচ ৰিচাৰ্জ, এয়াৰটেল ব্লেক আৰু এয়াৰটেল ষ্ট্ৰীম ফাইবাৰ পেমেন্টত ২৫% কেছবেক উপভোগ কৰিব

# এয়াৰটেল থ্যাংকছ এপ'ৰ জৰিয়তে বিদ্যুৎ/গেছ/পানীবিল পেমেন্টৰ ওপৰত ১০% কেছবেক

# বিগবাস্কেট, চুইগি, জোমাটোৰ জৰিয়তে খাদ্য ক্ৰয়ত ১০% কেছবেক 

# অন্যান্য ওপৰত ১% কেছবেক 

# কাৰ্ড জাৰী কৰাৰ ৩০ দিনৰ ভিতৰত এমাজন ই-ভাউচাৰ ৫০০ টকা।


এই ক্ৰেডিট কাৰ্ডখন কেৱল যোগ্য এয়াৰটেল গ্ৰাহকৰ বাবে ডিজিটেলভাৱে এয়াৰটেল থ্যাংকছ এপ'ৰ জৰিয়তে উপলব্ধ হ'ব।


ইয়াৰ উপৰিও, এক্সিছ বেংক ডিজিটেল ক্ষমতা উন্নত কৰিবলৈ এয়াৰটেলৰ ডিজিটেল সেৱাৰ C-PaaS platform - Airtel IQ which spans voice, messaging, video, streaming, কল মাস্কিং আৰু ভাৰ্চুৱেল কণ্টেক্ট কেণ্টাৰছলিউচন ব্যৱহাৰ কৰিব। এক্সিছ বেংকে এয়াৰটেলৰ পৰা বিভিন্ন চাইবাৰ সুৰক্ষা সেৱাসমূহো গ্ৰহণ। পৰবৰ্তী সময়ত কোম্পানীটোৱে ক্লাউড আৰু ডাটা চেণ্টাৰ সেৱাসমূহত সহযোগিতামূলক চুক্তি সম্পন্ন কৰিব।

ভাৰতী এয়াৰটেলৰ এমডি আৰু চিইঅ' (ভাৰত আৰু দক্ষিণ এছিয়া) গোপাল ভিট্টালে (Gopal Vittal) কয়; "এয়াৰটেলে গ্ৰাহকসকলক বিশ্ব-শ্ৰেণীৰ ডিজিটেল সেৱা আগবঢ়োৱাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এক বিত্তীয় পথ নিৰ্মাণ কৰি আছে। আমি এই ৰোমাঞ্চকৰ যাত্ৰাত এক্সিছ বেংকৰ সৈতে যোগদান কৰি আনন্দিত। এই টেলিকম-বেংক অংশীদাৰিত্বৰ জৰিয়তে এয়াৰটেল গ্ৰাহকসকলে এক্সিছ বেংকৰ বিশ্ব-শ্ৰেণীৰ বিত্তীয় সেৱা পৰ্টফলিঅ' আৰু একচেটিয়া লাভালাভ প্ৰাপ্ত কৰিব। আনহাতে এক্সিছ বেংকে এয়াৰটেলৰ শক্তিশালী ডিজিটেল ক্ষমতা আৰু গভীৰ বিতৰণ প্ৰসাৰৰ পৰা লাভান্বিত হ'ব।"এই অংশীদাৰীত্বৰ সন্দৰ্ভত মন্তব্য কৰি এক্সিছ বেংকৰ এমডি আৰু চিইঅ' অমিতাভ চৌধুৰীয়ে

(Amitabh Chaudhry) কয়, "এক্সিছ বেংকে আমাৰ অংশীদাৰসকলৰ বাবে সুবিধা আগবঢ়াবলৈ নিৰন্তৰ চেষ্টা কৰি আছে। এই ধৰণৰ সহযোগিতাই এয়াৰটেলৰ ৩৪০ নিযুত গ্ৰাহকৰ বাবে এক্সিছ বেংকৰ পৰা লোন আৰু বিভিন্ন ডিজিটেল বিত্তীয় প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিব। আনহাতে, আমি এয়াৰটেলৰ গতিশীলতা(mobility) আৰু ডিটিএইচৰ পৰা আৰম্ভ কৰি বিল পেমেন্টৰ আন সেৱাসমূহত 

ব্যাপক প্ৰসাৰ লাভত গুৰুত্ব প্ৰদান কৰিম। ইয়াৰ ফলত ডিজিটেল অৰ্থনীতি দ্ৰুতগতিত আগবঢ়াত সহায়ক হ'ব।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here