১২-১৪ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে অসমত বুধবাৰে স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ক'ভিড প্ৰতিষেধক অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 15 March 2022

১২-১৪ বছৰৰ কিশোৰ-কিশোৰীৰ বাবে অসমত বুধবাৰে স্বাস্থ্যমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব ক'ভিড প্ৰতিষেধক অভিযান

 


 ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১৩.৪৬ লাখ কিশোৰ-কিশোৰীক দিয়া হ'ব ক'ৰ্বেভেক্স


W7s News ষ্টাফৰিপোৰ্টাৰ: অসমতো ১২ বছৰৰ পৰা ১৪বছৰৰ বয়স সীমাৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হ'ব। গুৱাহাটীৰ ৰুক্মিণীগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বুধবাৰে পুৱা ৮.২০ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে এই অভিযান মুকলি কৰিব। অসমত এই অভিযানৰ জৰিয়তে ২০১০ চনৰ ১৬ মাৰ্চৰ পূৰ্বে জন্মগ্ৰহণ কৰা ১২-১৪ বছৰ বয়সসীমাৰ ১৩.৪৮ লাখ কিশোৰ-কিশোৰীক 'ক'ৰ্বেভেক্স' নামৰ ক'ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগে শিক্ষা বিভাগৰ সহযোগত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই বয়স সীমাৰ ছাত্ৰ-ছাত্ৰীসকলক নিজ নিজ শিক্ষানুষ্ঠানত ক'ৰ্বেভেক্স টিকা প্ৰদান কৰা হ'ব। আনহাতে, শিক্ষানুষ্ঠানত নথকা কিশোৰ-কিশোৰীসকলে ঘৰৰ ওচৰৰ চৰকাৰী ক'ভিড প্ৰতিষেধক কেন্দ্ৰত কাইলৈৰ পৰা এই টিকা গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰে অভিভাৱকসকলক এই বয়সসীমাৰ ভিতৰৰ নিজৰ সন্তানক ক'ভিডৰ প্ৰতিষেধক দিয়াবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। 

      ইফালে, কাইলৈৰ পৰা ৰাজ্যত ৬০ বছৰৰ উৰ্দ্ধৰ প্ৰতিগৰাকী লোকৰ বাবেও ক'ভিডৰ সুৰক্ষামূলক তৃতীয়পালি প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰা হ'ব। ইতিপূৰ্বে ৬০ বছৰৰ উৰ্দ্ধৰ 'ক'ম'ৰ্বিডিটী' থকা লোকসকলৰ বাবে যোৱা ১০ জানুৱাৰীৰ পৰা সুৰক্ষামূলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ৬০ বছৰৰ উৰ্দ্ধৰ লোকসকলে ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণৰ পৰা ৯ মাহ বা ৩৯ সপ্তাহৰ বিৰতিত এই সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক ল'ব পাৰিব।। 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here