W7s News ষ্টাফৰিপোৰ্টাৰ : শ্রমিকৰ ন্যূনতম মজুৰি শীঘ্ৰে পুনৰ নিৰ্দ্ধাৰণৰ দাবীত মঙলবাৰে বিক্ষোভ সমাৱেশৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে। শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে অসমৰ শ্রমিক কল্যাণ মন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্রতিবাদকাৰী সকলে। প্ৰায় শতাধিক প্রতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লো'গান দিয়ে। প্ৰতিবাদকাৰী সকলে হাতে হাতে পেনাৰ, পোষ্টাৰলৈ ন্যূনতম মজুৰি দৈনিক ৮০০ টকা নিৰ্দ্ধাৰণ কৰা, বয়বস্তুৰ দাম নিয়ন্ত্রণ কৰা, শ্ৰম কোড প্রত্যাহাৰ কৰা চৰকাৰৰ শ্রমিক বিৰোধী নীতি বাতিল কৰা আদি বিভিন্ন শ্লোগান দিয়ে। কাৰ্যসূচীত ৰাজ্যিক সাধাৰণ সম্পাদক তপন শর্মা, অন্যতম বিষয়ববীয়া বীৰেন শর্মা, মজাফৰ আলী, ইন্দিৰা নেৱাৰ, ৰাহুল পুৰকায়স্থ, বিজন দাস, ভোলা শৰ্মা, আলী আকবৰ আদি চি আই টি ইউৰ ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থাকি বিক্ষোভ সমাবেশত শ্রমিক কৰ্মচাৰী সকলৰ সন্মুখত বক্তব্য ৰাখে।
 
 
 
 
 
 
No comments:
Post a Comment