ইউনিক’ডত অসমীয়া ভাষা : মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত সজোৰে উত্থাপনৰ সিদ্ধান্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 31 March 2022

ইউনিক’ডত অসমীয়া ভাষা : মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত সজোৰে উত্থাপনৰ সিদ্ধান্ত

 


 




W7s News ষ্টাফৰিপোৰ্টাৰ : অসমীয়া  লিপিৰ বাবে এক পৃথক ক’ড চাৰ্টৰ বিষয়টো সন্দৰ্ভত শক্তি, পৰ্যটন, সংস্কৃতি আদি বিভাগৰ মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ মন্ত্ৰীৰ সভাকক্ষত এই সন্দৰ্ভত গঠন কৰা উচ্চ পৰ্যায়ত সমিতি খনৰ এক বৈঠক বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত হয় । সমিতিৰ সদস্য সকলে অসমীয়া লিপিৰ বাবে ইউনিক’ডত এক পৃথক ক’ড চাৰ্টৰ ব্যৱস্থা কৰাৰ সৰ্ন্দভত তেওঁলোকৰ মতামত আগবঢ়ায় । সভাত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, গবেষক ড০ উপেন ৰাভা হাকাচাম, আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি প্ৰতিষ্ঠানৰ সঞ্চালক ড০ দিলিপ কলিতা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতি প্ৰকাশ তামুলী,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ ড০ শিখৰ কুমাৰ শৰ্মা, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱ, উচ্চ শিক্ষা বিভাগৰ সচিব ৰূপক মজুমদাৰ, ৰাজ্যিক তথ্য বিজ্ঞান বিষয়া ৰুবায়েট আলি, অতিৰিক্ত সচিব মণিদিপা বৰগোঁহাইকে ধৰি বিভিন্ন জনে দুহেজাৰ বছৰীয়া ইতিহাস সমৃদ্ধ অসমীয়া লিপিৰ বাবে পৃথক ক’ড চাৰ্টৰ অন্তৰ্ভূক্তি সন্দৰ্ভত সভাত মতামত আগবঢ়ায় ।  ইউনিক’ডত অসমীয়া লিপিৰ অন্তৰ্ভূক্তিৰ বাবে আজিৰ বৈঠকত সমিতিৰ পূৰ্বৰ স্থিতি অক্ষুন্ন ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।এই ক্ষেত্ৰত ইউনিক’ডকে ধৰি সকলো আন্ত :ৰাষ্ট্ৰীয় মানকত অসমীয়া লিপিৰ সুকীয়া ক’ড চাৰ্টৰ অন্তৰ্ভূক্তিৰ দাবী পুনৰ ভাৰত চৰকাৰ তথা আন্ত :ৰাষ্ট্ৰীয় মানক সংস্থাত সজোৰে উত্থাপন কৰাৰো সভাই সিদ্ধান্ত গ্ৰহণ কৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here