গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন মুঠ ২১২ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 30 March 2022

গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন মুঠ ২১২ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

 


W7s News ষ্টাফৰিপোৰ্টাৰ: মুঠ ২১২ জন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলেৰে আজি বিয়লি ৩ বজাত আগন্তুক গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচন, ২০২২ ৰ মনোনয়ন পত্ৰ  দাখিল পৰ্বৰ সমাপ্তি হয়।  মুঠ ৬০ টা ৱাৰ্ডৰ ৩০ টায়েই মহিলাৰ বাবে সংৰক্ষিত। মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ড কেইটা হৈছে- ৩৬,৩০,৪১, ৪, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩। প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ অহা ১ এপ্ৰিলত পৰীক্ষণৰ পিছত সেই দিনাই প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৪ এপ্ৰিল। এইবাৰৰ পৌৰনিগম নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ৭৯৭৮০৭। ইয়াৰে ৩৯৭১২৮ গৰাকী পুৰুষ হোৱাৰ বিপৰীতে ৪০০৬৫৪ গৰাকী মহিলা আৰু ২৬ জন তৃতীয় লিঙ্গৰ ভোটাৰ। ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা ৭৮০ টা। ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ১৯ এপ্ৰিলত পুৱা চাৰে সাত বজাৰ পৰা বিয়লি চাৰে চাৰি বজালৈ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here