প্ৰতিটো বাৰ্ডতে স্থানীয় প্রার্থীৰে অসম জাতীয় পৰিষদৰ ২৬ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 30 March 2022

প্ৰতিটো বাৰ্ডতে স্থানীয় প্রার্থীৰে অসম জাতীয় পৰিষদৰ ২৬ জন প্ৰাৰ্থীৰ মনোনয়ন দাখিল

 


W7s news ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী পৌৰ নিগম নির্বাচন ২০২২ ৰ বাবে মুঠ ২৬ জন প্ৰাৰ্থীয়ে অসম জাতীয় পৰিষদ দলৰ হৈ মনোনয়ন পত্র দাখিল কৰে। দলৰ কেন্দ্ৰীয় সম্পাদক তথা কামৰূপ মহানগৰ জিলাৰ তত্ত্বাবধায়ক ৰাজীৱ ভট্টাচাৰ্য্যই বুধবাৰে  এই কথা সংবাদ মাধ্যমক সদৰী কৰে। তেওঁ কয় ' ২৯ মাৰ্চত ৭ জন আৰু  ৩০ মার্চত ১৯ জন প্ৰাৰ্থীয়ে দলৰ হৈ মনোনয়ন পত্র দাখিল কৰে। অসম জাতীয় পৰিষদ দলে প্রথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰিব। দল গঠন হোৱাৰ পাছত দলৰ বাবে এইটো পৌৰ নিগমৰ প্ৰথমটো নির্বাচন। সেইবাবেই প্রার্থী বাচনি প্রক্রিয়া যথেষ্ট সতর্কতাৰে সম্পন্ন কৰা হৈছে। যিহেতু নাগৰিকৰ প্ৰতিটো প্ৰাপ্য আৰু অধিকাৰৰ সৈতে পাৰিষদ সকল প্ৰতিটো মুহূর্ততে যুক্ত হৈ থাকিব লাগে আৰু নাগৰিকৰ সমস্যা সমূহ দৈনন্দিন জীৱনযাত্ৰাৰ সতে জড়িত, সেয়েহে দলে প্ৰতিটো ৱাৰ্ডতে স্থানীয় প্রার্থীক প্রার্থীত্ব প্ৰদান কৰিছে বুলি নেতা গৰাকীয়ে প্ৰকাশ কৰে। উল্লেখ্য, অসম জাতীয় পৰিষদৰ গুৱাহাটী পৌৰ নিগম নির্বাচন ২০২২ৰ বাবে মনোনয়ন দাখিল কৰা  প্রার্থী সকল হৈছে ক্ৰমে ১নং ৱাৰ্ড (গাড়ীগাঁও)হুকুম চান আলী বক্সী, ২নং ৱাৰ্ড( গোটানগৰ) ময়ুৰী শইকীয়া বৰ্মন,১৩ নং ৱাৰ্ড (শান্তিপূৰ) চন্দনা বৈশ্য, ১৫ নং ৱাৰ্ড (আঠগাঁও, কুমাৰপাৰা), জোনালী বেগম,ৱাৰ্ড নং ১৬(টকৌবাৰী, জেইলৰোড)ৰীনা মেধি, ৱাৰ্ড নং ১৭ (পাণবজাৰ, লাখটকীয়া)ফাৰজানা খাতুন,ৱাৰ্ড নং ২৫,

 (সোনাইঘূলী, ওভালবাত্রা)হেপিমণি গগৈ,

ৱাৰ্ড নং ৩০ (ৰিহাবাৰী), নয়না দাস, ৱাৰ্ড নং ৩১ 

(চলাপাৰ)কবিতা কলিতা,ৱাৰ্ড নং ৩২ 

(উজানবজাৰ) অবিনাশ হাজৰিকা,ৱাৰ্ড নং ৩৪ (খাৰঘুলী) ৰুবি চৌধুৰী,ৱাৰ্ড নং ৩৫ 

(চানমাৰী কলনী)দিলীপ বড়ো, ৱাৰ্ড নং ৩৬ 

(দক্ষিণ শৰণীয়া)মালবিকা পাঠক,ৱাৰ্ড নং ৩৭  

(অম্বিকাগিৰী নগৰ) অনিতা হালৈ,ৱাৰ্ড নং ৪১ 

(দক্ষিণগাঁও, জটিয়া) পিংকি বৰপূজাৰী,ৱাৰ্ড নং ৪২

(হাতীগাঁও, নটবমা)চেহনাজ চুলতানা,ৱাৰ্ড নং ৪৫ (কইনাধৰা) মুনমুন মজুমদাৰ,  ৱাৰ্ড নং ৪৭ (বেলতলা)

মনোজ বসুমতাৰী, ৱাৰ্ড নং ৫০(জাপৰিগোগ) আজিজুৰ ৰহমান,ৱাৰ্ড নং ৫৩ (নিউ গুৱাহাটী)

ঋত্বিকা পোদ্দাৰ,ৱাৰ্ড নং ৫৫(জ্যোতিনগৰ, নুনমাটি)

মিন্টু ৰাজবংশী,,ৱাৰ্ড নং ৫৬(জ্যোতিনগৰ, ভবানিপুৰ) 

অম্বিকা ডেকা,ৱাৰ্ড নং ৫৭(শালবাৰী)পল্লৱী বৰা হাজৰিকা,ৱাৰ্ড নং ৫৮(সাতগাওঁ) পল্লবী দাস,

ৱাৰ্ড নং ৫৯ (ছয়মাইল, দ্বাৰান্দা)ৰাজীৱ আলী, 

ৱাৰ্ড নং ৬০ ( পাঞ্জাবাৰী) জিন্টু ডেকা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here