৮৫ টা ষ্টাৰ্ট-আপলৈ ১৪.৫ কোটি টকাৰ ৫ম পৰিৱৰ্তন গ্ৰাণ্ট মুকলি এইচডিএফচি বেংকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 March 2022

৮৫ টা ষ্টাৰ্ট-আপলৈ ১৪.৫ কোটি টকাৰ ৫ম পৰিৱৰ্তন গ্ৰাণ্ট মুকলি এইচডিএফচি বেংকৰ

 



W7s news ষ্টাফৰিপোৰ্টাৰ: এইচডিএফচি বেংকে আজি ইয়াৰ ৫ম বাৰ্ষিক স্মাৰ্টআপ পৰিৱৰ্তন গ্ৰাণ্ট ২০২২ বিজয়ীসকলৰ নাম ঘোষণা কৰে। এইচডিএফচি বেংকে পৰিৱেশ, স্বাস্থ্যসেৱা খণ্ড আৰু লিংগ বৈচিত্ৰ্য (gender diversity)ত দেখা দিয়া সমস্যাবোৰ সমাধান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ৮৫ টা অভিনৱ ষ্টাৰ্ট-আপক গ্ৰাণ্ট প্ৰদান কৰে। এই গ্ৰাণ্টৰ উদ্দেশ্য হৈছে ষ্টাৰ্ট-আপসমূহে সমাজ আৰু পৰিৱেশত বহনক্ষম পৰিৱৰ্তন অনাৰ ওপৰত আৰু অধিক গুৰুত্ব আৰোপ কৰিবলৈ উদগনি দিয়া। এই গ্ৰাণ্টবোৰ বেংকৰ সামাজিক পদক্ষেপৰ ফ্লেগশ্বিপ চিএছআৰ কাৰ্যসূচী #Parivartan অধীনত আগবঢ়োৱা হৈছে। বেংক ২০১৭ চনত স্মাৰ্টআপ গ্ৰাণ্ট আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰা সমগ্ৰ ভাৰতৰ বিভিন্ন চহৰৰ পৰা ৯০ টা ষ্টাৰ্ট-আপ সমৰ্থন কৰিছে। সামগ্ৰিকভাৱে, যোৱা পাঁচ বছৰত, বেংক প্ৰায় ৩৫ কোটি টকাৰ গ্ৰাণ্ট বিতৰণ কৰিছে। বিজয়ীসকলক সংক্ষিপ্ত তালিকাভুক্ত আৰু পৰামৰ্শ দিবলৈ বেংকে ২৮ টা ইনকিউবেটৰৰ সৈতে অংশীদাৰীত্ব কৰিছিল, যাৰ ভিতৰত আছে আইআইএম-বি (IIM-B), আইএছবি (ISB), এআইচি এনকোৰ ডেভলপমেণ্ট ইমপেক্ট ফাউণ্ডেচন (AIC Ncore Developmental Impact Foundation), কেআইআইটি টেক'নলজি বিজনেছ (KIIT-Technology Business), অমৃতা টেকনলজী বিজনেছ ইনকিউবেটৰ (Amrita Technology Business Incubator), ইণ্টাৰনেচনেল ইনষ্টিটিউট অৱ ইনফৰ্মেচন টেকন'লজী (International Institute of Information Technology) আৰু ছ'চিয়েল এণ্টাৰপ্ৰেনিয়ৰ ফাউণ্ডেচন ইণ্ডিয়া (Social Entrepreneurs Foundation India)সহ অন্যান্য। এই ইনকিউবেটৰবোৰে বেংকৰ সৈতে সমগ্ৰ দেশৰ পৰা ১৫০ ৰো অধিক আবেদনকাৰীৰ পৰা এক কঠোৰ স্ক্ৰীণিং প্ৰক্ৰিয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত কাম কৰি অহা ৮৫ টা ষ্টাৰ্ট-আপ বাছনি কৰিছিল। 


বিজয়ীসকলৰ ভিতৰত আছে ভিডকেয়াৰ টেকন'লজিছ, জিনি দ্য হেল্থকেয়াৰ এআই, ইকো ডেকো, আয়াং ট্ৰাষ্ট, নাভোডে ফাউণ্ডেচন আৰু ফেলিছ লিঅ' ভেঞ্চাৰচ। বিজয়ীসকলে মহিলা সৱলীকৰণ, জৈৱ-পচনশীল বেটাৰি সৃষ্টি কৰা (creating bio-degradable batteries), আপস্কিলিং কৰা, পুনৰ্ব্যৱহাৰ(recycling)কে ধৰি বিভিন্ন সমস্যা সমাধান কৰি আছে।


এই বছৰো মহামাৰী প্ৰটোকল অনুসৰণ কৰি, অনলাইন স্ক্ৰীণিং কৰা হৈছিল। ষ্টাৰ্ট-আপবোৰে তেওঁলোকৰ ভাৰ্চুৱেল প্লেটফৰ্মৰ দ্বাৰা অংশ লৈছিল। ষ্টাৰ্ট-আপবোৰ মূল্যাঙ্কন কৰাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চৰ্তবোৰ আছিল ধাৰণাটোৰ স্থিৰতা, স্কেল আপ কৰাৰ সম্ভাৱনা, ই সমাজক কেনেদৰে লাভাম্বিত কৰে, পৰিৱেশ আৰু প্ৰকল্পটোৰ স্বকীয়তা। উপৰোক্ত সাম্ভাব্য প্ৰভাৱ মাপকাঠিবোৰৰ ওপৰত ভিত্তি কৰি বাছনি কৰিছিল।

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ Government and Institutional Business, BC & Partnership Banking, Ecosystem Banking, Inclusive Banking Group, and Start-upsৰ গ্রুপ মুৰব্বী স্মিতা ভগতে (Smita Bhagat) কয়; " পৰিৱৰ্তন স্মাৰ্টআপ গ্ৰাণ্ট হৈছে ভাৰতৰ ষ্টাৰ্ট-আপ ইক'চিষ্টেমৰ সৈতে বেংকৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক প্ৰতিশ্ৰুতিৰ অংশ। স্মাৰ্টআপ কাৰ্যসূচীৰ জৰিয়তে আমি উদ্যোগী মনোভাৱ কঢ়িয়াই আনিছো। ষ্টাৰ্ট-আপ কমিউনিটিয়ে চাকৰি সৃষ্টি কৰাৰ লগতে ইয়াৰ  সুযোগ দিয়াৰ উপৰিও সমাজ আৰু পৰিৱেশত প্ৰভাৱ সৃষ্টি কৰে। এই গ্ৰাণ্টবোৰ হৈছে কাম কৰা ষ্টাৰ্ট-আপবোৰলৈ আমাৰ তৰফৰ পৰা প্ৰশংসা আৰু সমৰ্থন।"

আনহাতে, এইচডিএফচি বেংকৰ Business Finance and Strategy, CSR and ESG, Administration and Infrastructureৰ গ্রুপ মুৰব্বী অসীমা ভাটে (Ashima Bhat)কয়; "এইটো আমাৰ নিৰন্তৰ সমৰ্থন ষ্টাৰ্ট-আপৰ পঞ্চম বছৰ। আমি ইতিবাচক সামাজিক পৰিৱৰ্তন আনিবলৈ বিচৰা উদ্যোগীসকলক সহায় কৰাৰ এই অবিশ্বাস্য যাত্ৰাৰ অংশ হ'বলৈ পাই সুখী । #Parivartan, আমাৰ ফ্লেগশ্বিপ চিএছআৰ কাৰ্যসূচী, যি সমাজৰ হকে কাম কৰে।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here