ৰে'লৰ মাটি বণিয়াক হস্তান্তৰ আৰু কাগজকল বিক্রীৰ বিৰুদ্ধে ১৬ মার্চত গুৱাহাটী ক্লাবৰ ৰ'টাৰীত ১১ টা বিৰোধী দলৰ যৌথ প্ৰতিবাদ
ৰে'লৰ মাটিত বহিৰাগত বণিয়াৰ লগতে চৰকাৰৰ উচ্চ পৰ্যায়ৰ নেতা জড়িত-অজিত কুমাৰ ভূঞা
চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে আমি ঐক্যবদ্ধ সংগ্ৰাম কৰিব লাগিব
W7s News ষ্টাফৰিপোৰ্টাৰ: ৰে'লৰ মাটি বণিয়াক হস্তান্তৰ আৰু কাগজকল বিক্রীৰ বিৰুদ্ধে ১৬ মার্চত গুৱাহাটী ক্লাবৰ ৰ'টাৰীত ১১ টা বিৰোধী দলৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। এই প্ৰতিবাদ সিদিনা
দিনৰ ১২.৩০ বজাত গ্ৰহণ কৰা হ'ব আৰু তাৰপাছত
এটা সমদল উলিওৱা হ'ব।লগতে ৰাজ্যখনৰ বিভিন্ন জিলা সদৰসমূহত সিদিনা এই কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ১১ টা ৰাজনৈতিক দলৰ যৌথ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰা হয়। সংবাদ মেলত আঞ্চলিক গণ মর্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই কয় -বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন আহি পৰিছে।ৰে'লৰ মাটিত বহিৰাগত বণিয়াৰ হাতত গতাই দিয়াৰ লগতে জাগীৰোড আৰু কাছাৰৰ কাগজ কল পানীৰ দৰত বিক্ৰী কৰিবলৈ ওলোৱাৰ ক্ষেত্ৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ নেতা জড়িত হৈ আছে। সেইকাৰণে কেলেংকাৰীৰ তদন্ত দিবলৈ ভয় কৰে চৰকাৰে।অসমত এতিয়া কোনো আইন,সংবিধানৰ শাসন নাই। বিজেপি চৰকাৰে এতিয়া উভত গোৰে নাচিছে আৰু তেওঁলোকে বহুদিন মানুহক মূৰ্খ সজাই থাকিব পাৰিম বুলি ভাৱি লৈছে। সেয়েহে আমি ৰেল'ৱে মাটি তিনি বণিয়ালৈ হস্তান্তৰ কৰা আৰু কাগজ কল দুটা বন্ধৰ নামত চলি থকা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ তদন্ত বিচাৰি সংগঠিত ভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। সংবাদ মেলত চি পি আই (এম ) ৰ ৰাজ্যিক সম্পাদক
সু প্ৰকাশ তালুকদাৰে কয় - ৰেল বিভাগৰ দায়িত্ব ৰাইজৰ সেৱা কৰা,বাণিজ্য কৰাৰ অধিকাৰ ৰেল বিভাগৰ নাই। ৰেল বিভাগৰ মাটি বণিয়াক গতোৱাৰ পিছতো বিজেপি চৰকাৰ নিমাত হৈ আছে।
চৰকাৰে ৰেল বিভাগৰ এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰাৰ বাবে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাইছোঁ
কাগজ কলৰ কৰ্মচাৰী সকলে বৰ্তমানলৈকে ফুটাকৰী এটাও লাভ কৰা নাই । এটকাও লাভ কৰা নাই বৰ্তমানলৈকে কাগজ কল দুটাই।
চৰকাৰে কোনোবা পুঁজিপতিৰ হাতত কাগজ কল দুটাৰ মাটি গতাই দিয়াৰ উদ্দেশ্যৰেই কাগজ কল দুটা পানীৰ দৰত নিলাম কৰিবলৈ বিচৰাৰ সন্দেহ উপজিছে। ২৮ আৰু ২৯ মাৰ্চত দেশৰ সকলো ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক কৰ্মচাৰী ফেডাৰেচনে কেন্দ্ৰৰ মোডী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে পালন কৰিব লগীয়া ৰাষ্ট্ৰজোৰা ধৰ্মঘটলৈও পূৰ্ণ সমৰ্থন আমি ১১ টা ৰাজনৈতিক দলে আগবঢ়াম।'
সংবাদ মেলত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ মনজিৎ মহন্ত, অসম জাতীয় পৰিষদৰ হৈ অমিতাভ বৰঠাকুৰ, ৰাইজৰ দলৰহৈ কমল কুমাৰ মেধি, চি পি আইৰ হৈ ডম্বৰু বৰা, চি পি আই (এম-এল) হৈ পংকজ কুমাৰ দাস, আম আদমি পাৰ্টিৰ হৈ শ্যামাপদ ৰায়, এন চি পিৰ হৈ হৃদয়া নন্দ গগৈ, আৰ জে ডিৰ হৈ কামাখ্যা পাণ্ডে, এল ডি পিৰ হৈ গুণ গগৈ উপস্থিত থাকে। উল্লেখ্য, প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব জাতীয় কংগ্ৰেছ,অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম), চিপিআই, চি পি আই এম এল, আম আদমি পাৰ্টি, আঞ্চলিক গণ মৰ্চা, এন চি পি,আৰ জে ডি আৰু এল ডি পি দলে।
No comments:
Post a Comment