ইউক্রেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক অতিশীঘ্ৰে উদ্ধাৰ কৰক- এছএফআই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 March 2022

ইউক্রেইনত আৱদ্ধ ছাত্ৰ-ছাত্ৰীসকলক অতিশীঘ্ৰে উদ্ধাৰ কৰক- এছএফআই

 




আবদ্ধ ছাত্র ছাত্রীখিনিক অতি কম সময়ৰ ভিতৰত উদ্ধাৰ নকৰিলে দেশজুৰি এই মোদী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ


গুৱাহাটী ক্লাব ৰ'টাৰী ত প্ৰতিবাদী কাৰ্যসূচী



W7s news ষ্টাফৰিপোৰ্টাৰ: ৰুচ দেশৰ ইউক্রেইন আক্ৰমণৰ পাছত ইউক্রেইন দেশৰ পৰিবেশ অতি ভয়াবহ হৈ পৰা পৰিলক্ষিত হৈছে। সেই পৰিস্থিতিত বিভিন্ন দেশৰ ছাত্ৰ ছাত্ৰীৰ লগতে নাগৰিক সেই দেশত আৱদ্ধ হৈ আছে। ইতিমধ্যে কৰ্ণাটকৰ নবীন কুমাৰ নামৰ ছাত্ৰজনৰ  খাৰকিভত গুলীবিদ্ধ হৈ মৃত্যু হয়। ভাৰতৰ, বিশেষকৈ অসমৰ বহু ছাত্ৰ-ছাত্রী এতিয়াও সেই দেশৰ পৰা ঘৰলৈ ঘূৰি আহিব পৰা নাই।

সেইসকল আৱদ্ধ ছাত্র-ছাত্ৰীক অতিশীঘ্ৰে নিজৰ দেশলৈ ওভতাই অনাৰ দাবীত অলপতে ভাৰতৰ ছাত্র ফেডাৰেচনৰ এটা সঁজাতি দলে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সাক্ষাৎ কৰি তেওঁৰ হাতেৰে অসমৰ  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য, কিভ আৰু চুমি চহৰৰ লগতে ইউক্ৰেইনৰ সীমান্ত অঞ্চলত অসমৰ বহু চিকিৎসা বিজ্ঞান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে। ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীয়ে সামাজিক মাধ্যমৰ সহায়ত এছ এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সৈতে যোগাযোগ স্থাপন কৰি অনুৰোধ কৰে যাতে তেওঁলোকক সোনকালে সেই যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি নিজ মাতৃভূমিলৈ ঘূৰাই আনে। তেওঁলোকৰ অভিযোগমৰ্মে, ইউক্রেইনত অৱস্থিত ভাৰতৰ দূতাবাষে তেওঁলোকৰ প্ৰতি কোনো ইতিবাচক সঁহাৰি এতিয়ালৈ জনোৱা নাই আৰু সেয়ে তেওঁলোক এতিয়া অনিশ্চয়তাত ভুগিছে।

ভাৰতৰ ছাত্র ফেডাৰেচনে দাবী কৰে যে অতিশীঘ্ৰে ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীক ওভতাই অনাৰ লগতে অসম চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীখিনিক ইউক্রেইনৰ যুদ্ধক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰি অসমলৈ ওভতাই আনিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক। ভাৰতৰ ছাত্ৰ ফেডাৰে চন কামৰূপ (ম ) জিলা কমিটি আৰু ডি ৱাই এফ আই কামৰূপ (ম) জিলা কমিটিয়ে গুৱাহাটীৰ ৰ'টাৰী ক্লাৱত  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ ছাত্র ফেডাৰচনৰ কামৰূপ (ম ) কমিটিৰ সভাপতি হিমাংশু বৰাই কয় ' এই দুর্যোগপূর্ণ সময়ত তেওঁলোকৰ ওচৰত থিয় দি তেওঁলোকক সুকলমে ঘূৰাই অনা দ্বায়িত্ব চৰকাৰৰ। ইউক্রেইনত আবদ্ধ ছাত্র ছাত্রীখিনিক অতি কম সময়ৰ ভিতৰত উদ্ধাৰ কৰি নানিলে আগন্তুক সময়ছোৱাত দেশজুৰি এই মোদী চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰা হ'ব।' এই কাৰ্যসূচীত এছ এফ আইৰ হৈ সংগীতা দাস, ডি ৱাই এফ আই  ৰ ভাস্কৰ কলিতা, মেহজেবিন ৰহমান, ৰয়েল আহমেদৰ লগতে অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here