ডিমাপুৰত দিবাংগ সকলৰ বাবে কৃত্ৰিম হাত সংৰোপনৰ বিনামূলীয়া শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 March 2022

ডিমাপুৰত দিবাংগ সকলৰ বাবে কৃত্ৰিম হাত সংৰোপনৰ বিনামূলীয়া শিবিৰ

 





W7s news ষ্টাফৰিপোৰ্টাৰ: ডিমাপুৰত দিবাংগ সকলৰ বাবে কৃত্ৰিম হাত সংৰোপনৰ এটা বিনামূলীয়া শিবিৰৰ আয়োজন কৰা হৈছে। বুধবাৰে নগালণ্ডৰ ডিমাপুৰৰ  এছ ডি জৈন চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত  

গুৱাহাটী প্রেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ট্ৰাষ্টৰ সচিব নৰেন্দ্ৰ জৈন। তেওঁ লগতে কয়  - এছ ডি জৈন সমাজৰ অধীনস্থ এছ ডি জৈন চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আৰু নেশ্বনেল কেৰিয়াৰ চাৰ্ভিচ চেণ্টাৰ ফৰ ডিফাৰেণ্টলী এবল,ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ডি জি ই গুৱাহাটী, ডিমাপুৰ আৰু ৰ'টাৰী ক্লাব অৱ কলকাতা প্ৰেছিডেঞ্চি, আৰ আই ডিষ্ট্ৰিক্ট ৩২৯১ ৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ 

দিবাংগ সকলৰ বাবে এই শিবিৰৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণ বিনামূলীয়া এই শিবিৰ ২ এপ্ৰিলত ডিমাপুৰৰ জৈন মন্দিৰ পথৰ শ্ৰী দিগম্বৰ জৈন চেৰিটেবল ট্ৰাষ্ট ক্লিনিকত অনুষ্ঠিত হ'ব। যিসকল দিবাংগৰ কিলাকুটিৰ তলত নিম্নতম ৪ ইঞ্চি (১০ চেণ্টিমিটাৰ) এ আৰ এম থকা  সকলে পঞ্জীয়নৰ বাবে যোগ্য পি ডব্লিউ ডি এছ সকলে ৩ মাৰ্চৰ পৰা ১৭ মাৰ্চৰ ভিতৰত পঞ্জীয়ন আৰু  তথ্যৰ বাবে ৯৪৩৬০১৩৪৮২ অথবা ৯৭০৬৮৩৮১১২ নম্বৰত যোগাযোগ কৰিব পাৰে।' সংবাদ মেলত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়, ডি জি ই গুৱাহাটীৰ সহকাৰী সঞ্চালক (নিয়োগ) ৰাম কিশোৰ শৰ্মা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here