অসমীয়া কমেডী ছবি ৰাইনো এক্সপ্ৰেছৰ প্রিমিয়াৰ শ্ব’ উপভোগ কৰি আপ্লুত বিশিষ্ট ব্যক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 March 2022

অসমীয়া কমেডী ছবি ৰাইনো এক্সপ্ৰেছৰ প্রিমিয়াৰ শ্ব’ উপভোগ কৰি আপ্লুত বিশিষ্ট ব্যক্তি

 




অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ ৰেঙনি


W7s news ষ্টাফৰিপোৰ্টাৰ : দীঘলীয়া বিৰতিৰ পাছত বুধবাৰে বলীউডৰ আৰ্হিত নির্মিত অসমীয়া কমেডী চলচ্চিত্র 'ৰাইনো এক্সপ্লেছ'ৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়। মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চিটী চেণ্টাৰৰ পিভি আৰত আয়োজিত প্রিমিয়াৰ শ্ব' চাবলৈ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষবিষয়া, চিকিৎসক, উদ্যোগপতি, ব্যৱসায়ীকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমীয়া কমেডী ছবি ৰাইনো এক্সপ্ৰেছৰ প্রিমিয়াৰ শ্ব’ চোৱাৰ পিছত সকলোৱে ছবিখনে ভাল ব্যৱসায় কৰিব বুলি আশা ব্যক্ত কৰে। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ শিল্পীসকলে কয় যে ছবিখন সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে আৰু উচ্চ মানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। ৰাইনো এক্সপ্লেছত দৰ্শকে কমেডীৰ লগতে একচন আৰু ৰোমাণ্টিক দৃশ্য উপভোগ কৰিব পাৰিব। দর্শকে নিশ্চিতভাৱে তেওঁলোকৰ পৰিয়ালৰ সৈতে এই ছবিখন চাবলৈ চিনেমা হললৈ যাব পৰিব। ছবিখন চাই কলা-কুশলীসকলে আশা প্রকাশ কৰে যে ৰাইনো এক্সপ্লেছে অসমীয়৷ চলচ্চিত্র উদ্যোগক নতুন শক্তি প্রদান কৰিব। প্রযোজক অভয় বাৰ্মাই কয় যে ৰাইনো এক্সপ্লেছে ৪ মাৰ্চত অসমৰ বিভিন্ন চিনেমা হল আৰু মাল্টীপ অত মুক্তি পাব। ছবিখন ৰাজ্যৰ ৫০টাতকৈও অধিক চিনেমা হল আৰু মাল্টায়ে অতএবেলাগে মুক্তি পাব। সিদ্ধার্থ শৰ্মা, বিরেক বৰা, উদয়ন দুৱাৰা, ৰাজীৱ বৰঠাকুৰ, জিত বৰুৱা, অভিনেত্রী অমৃতা গগৈ, প্রবীণ অভিনেত্রী চেতনা দাসকে আদি কৰি বহু তাৰকাই এই ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ছবিখন মণি সিন্‌হাই পৰিচালনা কৰিছে। প্রয়োজনা ব্যৱস্থাপক উৎপল কলিতা আৰু বিতৰক শংকৰলাল গোয়েংকা। ছবিখনৰ প্রিমিয়াৰ শ্বত পূব গুৱাহাটীৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য উপস্থিত থাকে। সকলোৱে ৰাইনো এক্সপ্লেছ ছবিখন ছুপাৰ হিট হ'ব বুলি কয় আৰু এই ছবিখন অনাগত বছৰবোৰত অসমীয়া চলচ্চিত্র উদ্যোগৰ এক টার্নিং পইন্ট হিচাপে প্রমাণিত হ'ব বুলি আশা ব্যক্ত করে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here