ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ৰাজ্যপালৰ উপস্থিতিত অনুষ্ঠিত হ'ব ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 March 2022

ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ৰাজ্যপালৰ উপস্থিতিত অনুষ্ঠিত হ'ব ৰ'য়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন

 




W7s News ষ্টাফৰিপোৰ্টাৰ:   দা অসম ৰয়েল গ্ল'বেল

 বিশ্ববিদ্যালয়ৰ প্রথম সমাবর্তন সমাৰোহ, গুৱাহাটীৰ বেতকুচিস্থিত বিশ্ববিদ্যালয়ৰ নিজা চৌহদত  ৩০ মার্চত অনুস্থিত হ'ব। আচার্য ড০ অশোক কুমাৰ পানচাৰিয়ে দিনৰ ১১ ,বজাত উদ্বোধন কৰিব লগীয়া সমাবর্তন সমাৰোহখনত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ পৰিদর্শক অধ্যাপক জগদীশ মুখীয়ে ভাষণ প্রদান কৰিব-সোমবাৰে দা অসম ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ অধ্যাপক সঞ্জয় প্রতাপ সিঙে। তেওঁ কয়- এই সমাবৰ্তনত দিল্লী বিশ্ববিদ্যাদয়ৰ উপাচার্য যোগেশ সিঙো  উপস্থিত থাকিব আৰু সমাবর্তন সমাৰোহৰ বিশেষ বক্তব্য প্রদান কৰিব। বিশ্ববিদ্যালয়খনৰ এই প্রথম সমাবর্তনত ভাৰত ৰত্ন সম্মানেৰে বিভূষিত, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৈজ্ঞানিক অধ্যাপক চি. এন আৰ ৰাও, অসমন বিশিষ্ট সাহিত্যিক অধ্যাপক ড০' নগেন শইকীয়া আৰু বিখ্যাত উদ্যোগী তথা সমাজ সেৱক  সজ্জন ভাজাংকফ  ডক্টৰেট উপাধি প্ৰদান কৰা হ'ব৷ ২০১৯ ২০২০ বৰ্ষৰ ১৭২৩ জন ছাত্র-ছাত্ৰীক এইবাৰৰ সমাবর্তন উপলক্ষে শিক্ষাপ্ত উপাধি প্ৰদান কৰাৰ লগতে উত্তীর্ণ ছাত্র-ছাৱীসকলৰ মাজৰ ৬১ জনক স্বর্ণপদক আৰু ৫১জনক ৰূপৰ পদকেৰে সম্মানিত করা হ'ব। ইয়াৰোপৰি বিশেষ দক্ষতা প্ৰদৰ্শন কৰা পাঁচজন ছাত্র-ছাত্রীক আচার্যৰ বিশেষ স্বর্ণ পদক আৰু অন্য ছয়জন সুকীয়া প্রতিভাধৰ ছাত্ৰ-ছাত্ৰীক স্মাৰকেৰে সম্মানিত কৰা হ'ব। ক'ভিডৰ বাবে সমাবর্তনখন অনুষ্ঠিত কৰোঁতে কিছু পলম হল। লগতে উত্তীর্ণ ছাত্র-ছাত্রীসকলৰ লগতে প্রায়  ৪০০০ আমন্ত্ৰিত ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিতব্য সমাৰোহখনে বিশ্ববিদ্যালয় চৌহদত এক সুন্দৰ পৰিবেশৰ  সৃষ্টি কৰিছে।'উল্লেখ্য, ৩০ মার্চত  দিনৰ ৯.৩০ বজাত  সংবাদ কর্মী বন্ধুসকলৰ কাৰণে কলেগে বিশ্ববিদ্যালয়ৰ পৰিবহণ

বিভাগৰ পৰা অহা-যোৱাৰ ব্যৱস্থা কৰা হ'ব।

সংবাদ মেলত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দিগন্ত মুঞ্চি, চেয়াৰ পাৰ্চন একাডেমিক অলক কুমাৰ বুঢ়াগোঁহাই, ডীন কৃষ্ণা বৰুৱা,উপদেষ্টা শিলা বৰা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here