শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ শিশু সমাৰোহ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 March 2022

শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ শিশু সমাৰোহ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ উদ্যোগত ২৭ মার্চত এখন শিশু সমাৰোহৰ আয়োজন কৰা হয়। 

শ্রী শ্রী কৃষ্ণব দৌল যাত্রা উপলক্ষে আয়োজিত

শিশু সমাৰোহ ২০২২ আৰু মইনাৰ নানাৰঙী অনুষ্ঠান দেওবাৰে পল্টন বজাৰৰ শঙ্কৰ-মাধব ক্ষেত্রৰ

শ্ৰীমন্ত শঙ্কৰ কৃষ্টি বিকাশ সমিতিৰ প্ৰেক্ষাগৃহত

মুকলি কৰে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক লীলাধৰ হাজৰিকাই। তেওঁ কয়-শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিয়ে শিশুৰ মানসিক, বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। শিশুসকল আমাৰ ভৱিষ্যত। শিশু সকলৰ বাবে এটা সোণসেৰীয়া পথ দিয়া উচিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫০০ বছৰ পূৰ্বে শিশু সকলৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশত গুৰুত্ব আৰোপ কৰি থৈ গৈছে। সেয়েহে শিশু সকলৰ সৰ্বাংঙ্গিন বিকাশত আমি গুৰুত্ব আৰোপ কৰিব লাগে।' সভাত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ উপদেষ্টা দেৱযানী মহন্ত, সভাপতি দীপক কুমাৰ গোস্বামী উপস্থিত থাকে। এই উপলক্ষে পুৱা শিশু সকলৰ চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আবেলি  শিশু সকলৰ ভিন্নসুৰী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত শিশু সকলে গীত-মাত, কবিতা, নৃত্য পৰিবেশন কৰা হয়। এই অনুষ্ঠানত সাহিত্য, সংগীত, নাটক আদিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here