W7s News ষ্টাফৰিপোৰ্টাৰ: অল ইন্ডিয়া ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক পৰিষদৰ অধিবেশন বুধবাৰে গুৱাহাটীত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হয় । এই উপলক্ষে ৰূপনগৰৰ মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত এখন সংবাদ মেলত দলৰ পর্যবেক্ষক ( উত্তৰ পূর্ব্বাঞ্চল ) ভাৰত আৰু টি,ইউ,চি, চি অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক মিহিৰ নন্দীয়ে কয় -সাম্প্ৰতিক সময়ত নেতাজীৰ আদৰ্শৰ বিকল্প নাই ।নেতাজী সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছ দলৰ স্বজন পোষণৰ বিৰোধীতা কৰি গঠন কৰিছিল অল ইন্ডিয়া ফৰৱাৰ্ড ব্লক নামৰ ৰাজনৈতিক দল।
নেতাজিৰ স্থাপন কৰা দলৰ অসম ৰাজ্যিক পৰিষদৰ অধিবেশনত দলৰ কেন্দ্ৰীয় পর্যবেক্ষক আৰু দলৰ বাংলা কমিটিৰ (পঃ বঃ) সাধাৰণ সম্পাদক নৰেন চেটাৰ্জী , বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু দলৰ পৰ্যবেক্ষক (উত্তৰ পূর্ব্বাঞ্চল) ও ৰাজ্যিক সাঃ সম্পাদক ,মনিপুৰ জ্ঞানেশ্বৰ সিং অতিথি হিচাপে অংশগ্ৰহণ কৰে। নেতাজীৰ আদৰ্শ আৰু তেওঁৰ প্ৰদৰ্শন কৰা পুঁজিবাদী বিৰোধী স্থিতি অবিহনে ৰাজনৈতিক বিকল্প নাই। আমাৰ অধিবেশনত
অসম, মেঘালয়, আৰু ত্ৰিপুৰাত দলৰ সাংগঠনিক দিশ টনকিয়াল কৰিবলৈ বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । আগন্তক ২৫ মাৰ্চত ত্ৰিপুৰাৰ আগৰতলা প্ৰেছ ক্লাৱত দলৰ এক সভা অনুষ্ঠিত হ'ব । দলৰ ত্ৰিপুৰা কমিটিৰ সাধাৰণ সম্পাদক দুলাল দেৱে এই কথা আমাক জানিবলৈ দিয়ে । মেঘালয়ত দলৰ সংগঠনৰ বিস্তাৰ কৰিবলৈ আলোচনা চলাই থকা হৈছে। আমাৰ প্ৰতীক চিহ্নৰ পৰা কাঁচি আৰু জোন আঁতৰাই কেৱল বাঘৰ প্ৰতীক ৰাখিম। আমাৰ নায্য দাবীসমূহ হৈছে সমগ্র বিশ্বৰ লগতে অসম তথা ভাৰতবৰ্ষতো উদ্ভৱ হোৱা কৰ'না ব্যাধিৰ আতংকময় পৰিস্থিতিৰ বাবে অসমলৈ ঘূৰি অহা যুৱক-যুৱতী
সকলৰ বাবে পৰিকল্পিত কৰ্ম আচঁনি গ্ৰহণ কৰা, প্ৰতিজন এম. জি. এনৰেগাৰ শ্রমিকৰ বাৰে নিম্নতম ২০০ দিনৰ কাম, দৈনিক ভাট্টা ৫০০ টকা কৰা,অ'
এন জি চি, অসম সম্পদৰ উৎপাদন ক্ষম তথা লাভজনক তৈলক্ষেসমূহ ব্যক্তিগত কোম্পানিক বিচাৰ সিদ্ধান্ত বাতিল কৰা, অসমৰ বানপানীত ক্ষতিগ্রস্থ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু বানপানী আৰু গড়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা, ১৯৭২ বন্যপ্রাণী সংৰক্ষণ আইনৰ ফলত নিবনুৱা হোৱা হাতী ফান্দি, মাউট, যোগালী ঘাঁহি সকলৰ সমস্যাটো সামাধান কৰা,আন্ত- ৰাজ্যিক আৰু আন্ত:ৰাষ্ট্ৰীয় সীমা বিবাদৰ ফলত উদ্ভব হোৱা পৰিস্থিত নিয়ন্ত্ৰণ কৰা আৰু ইয়াৰ স্থায়ী সামাধান কৰা।ভাৰত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকা সংশোধন কৰাৰ ফলত উদ্ভৱ হোৱা অনিয়ন্ত্রিত মূল্যবৃদ্ধি ৰোধ কৰক, চৰকাৰী উদ্যেগ প্রতিষ্ঠান সমূহৰ মালী পদত শিক্ষিত নিবনুৱাক শীঘ্ৰে নিযুক্তি দিয়া আৰু নিবনুৱাসকলৰ বাবে পৰিকল্পিত কর্মসংস্থাপন ব্যবস্থা গ্রহণ কৰা, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূর্ণ নোহোৱাকৈ টোলগেট অত্যধিক মাচুল লোৱা বন্ধ কৰা, ৰেল, সামৰিক বাহিনী, কয়লা, তেল, গেছ, বিমান পৰিবহন, বেংক, বিমা মহাকাশ আৰু পাৰমাণৱিক বিভাগৰ দৰে জৰুৰী তথা দেশৰ নিৰাপৰাত নিয়োজিত সংস্থা, কেৱ আৰু ৰাজ্য চৰকাৰ অধিনস্থ নবৰত্ন আৰু লাভজনক সংস্থাসমূহৰ বন্ধক দিয়া আৰু বিক্ৰী কৰাটো বন্ধ কৰা। চৰকাৰী লাভজনক তথা সংস্থা সমূহৰ চৰকাৰীভাবে পুনৰুজ্জীবিত কৰি শিক্ষিত নিবনুৱাক কর্মসংস্থাপনৰ ব্যৱস্থা কৰা।
পেট্ৰ'ল আৰু ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি ৰোধ কৰা।'সংবাদ মেলত দলৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ডাঃ হৰেন বৰগোহাঁইয়ে চমু বক্তব্য আগবঢ়ায়।
No comments:
Post a Comment