পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ পিয়ল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 23 March 2022

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত গড়ৰ পিয়ল

 


W7s news ষ্টাফৰিপোৰ্টাৰ: ২২ আৰু ২৩ মাৰ্চত পবিতৰা অভয়াৰণ্যত গড়ৰ পিয়ল কাৰ্য সফলতাৰে সম্পন্ন কৰা হয়। অভয়াৰণ্যখনত থকা গড়ৰ গণনা কাৰ্য সঠিকভাৱে কৰাৰ বাবে দুদিন নিৰ্ধাৰণ কৰি অভয়াৰণ্যখনক ৯ টা খণ্ডত বিভক্ত কৰা হৈছিল।  এই কাৰ্য সমাপন কৰাৰ বাবে ১১ গণনাকাৰী আৰু ৯ গৰাকী পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছিল। এই গণনা কাৰ্য  ব্লক কাউন্ট পদ্ধতি প্ৰয়োগেৰে সম্পন্ন কৰা হয়। গণানাকাৰী আৰু নিৰীক্ষকৰ ভিতৰত বন বিষয়া থকাৰ উপৰি অৰণ্যক স্বেচ্ছাসেৱী অনুষ্ঠান,  ডব্লিউ ডব্লিউ এফ, এলিফেন্ট ফাউণ্ডেশ্বন, স্থানীয় স্বেচ্ছাসেৱী সংস্থা  হিপা আদিৰ পৰা  নিৰ্বাচিত লোকক লোৱা হয় আৰু স্থানীয় জনসাধৰণে ইয়াত সক্ৰিয় সহযোগিতা আগবঢ়ায়। তদুপৰি জিলা প্ৰশাসন, আৰু আৰক্ষী, সংৰক্ষণৰ লগত জড়িত সহযোগী জীপ চাফাৰি সংস্থা, হোটেল আৰু ৰিজৰ্টৰ মালিকসকলেও এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়।এই গণনা প্ৰক্ৰিয়াত ১০৭ টা গড় গণনা কৰা হৈছে। ইয়াৰ ভিতৰত ৩০ টা মতা গড়, ৫০ টা মাইকী গড় আৰু ২৭ টা গড়ৰ পোৱালী পোৱা গৈছে। ২০১৮ বৰ্ষৰ ১০২ টাৰ গড়ৰ বিপৰীতে এই বাৰৰ গণনাত ৫ টা গড়ৰ  সংখ্যা বৃদ্ধি হৈছে। ৩৮.৮১ বৰ্গ কিলমিটাৰ এলেকা সামৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য হল গড়ৰ বাসস্থানৰ আটাইতকৈ ঘণত্বপূৰ্ণ এলেকা। উল্লেখ্য যে ২০১৪ বৰ্যৰ পৰা এতিয়ালৈকে এই অভয়াৰণ্যখনত কোনো গড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here