অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত 'ডিজিটেল সাংবাদিকতা কৰ্মশালা'ৰ দ্বিতীয় সংস্কৰণ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 24 March 2022

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত 'ডিজিটেল সাংবাদিকতা কৰ্মশালা'ৰ দ্বিতীয় সংস্কৰণ আয়োজন

 




 অঞ্চলটোত ডিজিটেল সাংবাদিকতাৰ ভৱিষ্যতৰ পৰিসৰ আৰু সীমাবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ



W7s News ষ্টাফৰিপোৰ্টাৰ:  ৰাজ্যৰ অগ্ৰণী ডিজিটেল মিডিয়া আউটলেট টাইম৮ৰ সহযোগত অইল ইণ্ডিয়া লিমিটেডে সমগ্ৰ অসমৰ পৰা অহা উচ্চাকাংক্ষী সাংবাদিকসকলৰ বাবে 'ডিজিটেল জাৰ্নেলিজম ৱৰ্কশ্বপ'ৰ দ্বিতীয় সংস্কৰণ সফলতাৰে আয়োজন কৰে। এই কৰ্মশালাখন গুৱাহাটীৰ প্ৰাগজ্যোতি আইটিএ সাংস্কৃতিক কমপ্লেক্সত অনুষ্ঠিত কৰা হয়।কৰ্মশালাৰ প্ৰথম অধিৱেশনত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ডিৱাই৩৬৫ নিউজ চেনেলৰ মুখ্য সম্পাদক অতনু ভূঞাই। সাংবাদিকতাৰ ব্যৱহাৰিক দিশ আৰু নতুন মাধ্যম বা ডিজিটেল সাংবাদিকতাৰ মৌলিক বিষয়সমূহৰ ওপৰত এই অধিবেশনত গুৰুত্বপূৰ্ণ পাঠ আগবঢ়োৱা হয়।কৰ্মশালাখন সন্দৰ্ভত সাংবাদিক অতনু ভূঞাই কয়, "অইল ইণ্ডিয়া লিমিটেড আৰু টাইম৮ৰ এই অনন্য পদক্ষেপৰ অংশ হ'বলৈ পাই মই সুখী, য'ত শিক্ষাৰ্থী আৰু উচ্চাকাংক্ষী সাংবাদিকসকলে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব পাৰে আৰু সংবাদক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ ল'ব পাৰে।" "মই আনন্দিত যে বিভিন্ন মিডিয়া প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে এই বহুমুখী কৰ্মশালাত অংশগ্ৰহণ কৰিছে।" কৰ্মশালাৰ ২য় অধিৱেশনত টাইম৮ৰ সম্পাদক ৰিতুশ্মিন শৰ্মা আৰু কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্যই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে আৰু ডিজিটেল মাধ্যমত ব্ৰেকিং নিউজ আৰু নিউজৰূম সাংবাদিকতাৰ ওপৰত বক্তব্য ৰাখে। সামাজিক মাধ্যমক ডিজিটেল সাংবাদিকতাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰাৰ ভাল আৰু বেয়া দিশৰ ওপৰত শিক্ষাৰ্থী আৰু উচ্চাকাংক্ষী সাংবাদিকসকলক আলোকিত কৰে দুয়োগৰাকী সাংবাদিকে।কৰ্মশালাৰ অন্তিমখন অধিৱেশনত উপস্থিত থাকে প্ৰতিদিন টাইম নিউজ চেনেলৰ মুখ্য সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া। তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰয়োজনীয় মৌলিক নীতি আৰু নৈতিকতাৰ বিষয়ে আতিগুৰি মাৰি কয়। নিতুমণি শইকীয়াই অসমত সাংবাদিকতাৰ যাত্ৰাৰ উপৰি অৰুণোদোয় আৰু জোনাকীৰ সময়ৰ পৰা বৰ্তমান সময়লৈকে সকলো দিশ সামৰি লয়। টাৰ্ণিং পইণ্ট, ইনষ্টিটিউট অফ মাছ কম এণ্ড মিডিয়া ষ্টাডিজ (আইএমএমএছ) আৰু অন্যান্য বিভিন্ন সংগঠনৰ দৰে প্ৰিমিয়াম মিডিয়া প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে ডিজিটেল সাংবাদিকতাৰ ওপৰত আয়োজন কৰা এই কৰ্মশালাত অংশগ্ৰহণ কৰে। উল্লেখ্য,অইল ইণ্ডিয়া লিমিটেডে যোৱা দুবছৰ ধৰি একেৰাহে "ডিজিটেল সাংবাদিকতা কৰ্মশালা" আয়োজন কৰি আহিছে আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শিক্ষাৰ্থী আৰু উচ্চাকাংক্ষী সাংবাদিক সকলে অংশগ্ৰহণ কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here