শনিবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 March 2022

শনিবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস

 

 গুৱাহাটী, আহঁতগুৰি,* *সম্বলপুৰ কলকাতাত* অনুষ্ঠানৰ প্ৰস্তুতি

 



W7s News ষ্টাফৰিপোৰ্টাৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৪ সংখ্যক মৃত্যু দিৱস উপলক্ষে কাইলৈ অসমৰ বিভিন্ন ঠাইত আৰু বেজবৰুৱাৰ কৰ্মভূমি ওড়িশাৰ সম্বলপুৰ আৰু কলকাতাতো বিভিন্ন ৰূপত স্মৃতিচাৰণৰ আয়োজন কৰা হৈছে। বেজবৰুৱাৰ জন্ম স্থান মৰিগাঁও জিলাৰ আহঁতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতি আৰু আহঁতগুৰি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত এই উপলক্ষে কাইলৈ পুৱা ৮-৩০ বজাত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ পিছত এখন স্মৃতিসভা অনুষ্ঠিত হ'ব। আনহাতে

  স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত কাইলৈ গধূলি ৫ বজাত গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীনাথ বেজবৰুৱা চ'কত  আয়োজিত অনুষ্ঠানত কটন মহাবিদ্যালয়ৰ 'নবীন' গোষ্ঠীৰ হৈ ছাত্ৰ-ছাত্ৰীৰ এটি দলে সমস্বৰে পৰিবেশন কৰিব জাতীয় সংগীত '' অ' মোৰ আপোনাৰ দেশ'। অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব।সমিতিয়ে উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে।ইপিনে ,ওড়িশাৰ সম্বলপুৰৰ মেণ্ডেলা চ'ক ত সাহিত্যৰথীৰ এটি স্মৃতিচাৰণ অনুষ্ঠান বিশিষ্ট  সাংবাদিক-লেখক দীপক পাণ্ডাৰ নেতৃত্বত সম্বলপুৰবাসীয়ে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে। কলিকতাতো আছাম হাউছ ৰ আবাসীক আয়ুক্ত  তাপস দেৱ আৰু  এ এছ এল ক্লাবৰ উদ্যোগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিৱস পালন কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here