W7s news ষ্টাফৰিপোৰ্টাৰ : দীৰ্ঘদিন বিৰতিৰ পাছত ৰাইনো এক্সপ্ৰেছে অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ এক নতুন আশাৰ ৰশ্মি কঢ়িয়াই আনিছে। ৪ মাৰ্চত মুক্তি পাবলগীয়া অসমীয়া কমেডি ছবি 'ৰাইনো এক্সপ্ৰেছ'ৰ সফলতাৰ বাবে আশীৰ্বাদ বিচাৰি মঙলবাৰে ৰাইনো এক্সপ্ৰেছৰ দলটোৱে শক্তিপীঠ মা কামাখ্যা মন্দিৰ দর্শন কৰে। এই সময়ছোৱাত ৰাইনো এক্সপ্ৰেছ দলটোৰ সকলো কলা কুশলীয়ে ছবিখনৰ সফলতাৰ বাবে মা কামাখ্যাৰ আর্শীবাদ বিচাৰে। ৰাইনো এক্সপ্ৰেছৰ প্ৰযোজক অজয় বার্মা আৰু পৰিচালক মণি সিনহাৰ নেতৃত্বত যোৱা দলটোক কামাখ্যা মন্দিৰ চৌহদত উপস্থিত হোৱাৰ পিছতেই সকলযৱো আদৰণি জনায়। আনকি কামাখ্যা মন্দিৰত উপস্থিত থকা বহু দর্শনার্থীয়ে ছবিখনৰ অভিনেতা সিদ্ধার্থ শৰ্মা, উদয়ন দুৱাৰা, বিবেক বৰা, ৰাজীৱ বৰঠাকুৰ, অভিনেত্রী অমৃতা গগৈ, জিত বৰুৱা, প্রযোজনা ব্যবস্থাপক উৎপল কলিতা, সীমা বাৰ্মাৰ সৈতে ফটো উঠাত ব্যস্ত হৈ পৰে শেহতীয়াকৈ মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ আৰু গানবোৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। মনোরঞ্জন ধর্মী ছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰাইনো এক্সপ্লেছে অসমীয়া চলচ্চিত্র উদ্যোগলৈ এক নতুন জোৱাৰ আনিছে। উল্লেখ্য, ৪ মার্চত 'ৰাইনো এক্সপ্ৰেছ' শীৰ্ষক অস
মীয়া কমেডি চলচ্চিত্ৰখন ৰাজ্যৰ ৪০ খনতকৈও অধিক ছবি গৃহ আৰু থিয়েটাৰত মুক্তি লাভ কৰিব।
No comments:
Post a Comment