দিব‍্যাশ্ৰী তালুকদাৰলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ সাংস্কৃতিক স্ৰোত আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ জলপানী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 19 March 2022

দিব‍্যাশ্ৰী তালুকদাৰলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ সাংস্কৃতিক স্ৰোত আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ জলপানী

 



W7s news ষ্টাফৰিপোৰ্টাৰ : দিব‍্যাশ্ৰী তালুকদাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ সাংস্কৃতিক স্ৰোত আৰু প্ৰশিক্ষণ কেন্দ্ৰ (Cultural Resource and Training)এ আগবঢ়োৱা জলপানী লাভ কৰিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় খ‍্যাতিসম্পন্ন শিল্পী জীনা ৰাজকুমাৰীৰ অধীনত নৃত‍্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা দিব‍্যাশ্ৰী তালুকদাৰ কটন বিশ্ববিদ‍্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী। জীনা ৰাজকুমাৰীৰ তত্বাৱধানত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ঠাইলেণ্ডতো তিনিবাৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছে। দিব‍্যাশ্ৰীয়ে অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত‍্যৰ লগতে অৰুণাচলী, ছিকিমি, ত্ৰিপুৰী নৃত‍্যৰ চৰ্চা কৰি আছে। উল্লেখ‍্য যে, জীনা ৰাজকুমাৰীৰ নৃত‍্যৰ প্ৰশিক্ষণ বিদ‍্যালয় বৰলুইত কৃষ্টি বিকাশ কেন্দ্ৰৰ কেইবাগৰাকীও শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় জলপানী পাবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here