W7s News ষ্টাফৰিপোৰ্টাৰ: মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। আগন্তক ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ'ব বুষ্টাৰ ডজ। ক'ভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ যুজঁ অব্যাহত আছে। কৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ডজ। কাৰোনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ডজ প্ৰদান কৰা হব এক শিবিৰত। সেয়ে সকলোকে এই বুষ্টাৰ ডজ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ক্লাৱৰ সভাপতিমনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে।
No comments:
Post a Comment