বিনামূলীয়া চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ
W7s News ষ্টাফৰিপোৰ্টাৰ: কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২১ মাৰ্চত পানবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত আয়োজন কৰিছে গান্ধী পেনোৰামা চলচ্চিত্ৰ মহোৎসৱৰ। পুৱা ১০ বজাৰ পৰা প্ৰদৰ্শন কৰিবলৈ লোৱা এই চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ কৰিব অসমৰ মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব এই মহোৎসৱত। মূলতঃ জনসাধাৰণ তথা উঠি অহা প্ৰজন্মক মহামানৱ মহাত্মা গান্ধীৰ জীৱনাদৰ্শৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আয়োজন কৰিছে এই মহোৎসৱৰ। সমূহ কলাপ্ৰেমী ৰাইজক তথা ছাত্ৰ-ছাত্ৰীক উক্ত অনুষ্ঠানত অংশগ্রহণৰ বাবে আহ্বান জনাই পুৱা ৯.৩০ বজাৰ ভিতৰত প্ৰেক্ষাগৃহৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে। দৰ্শকৰ জ্ঞাতাৰ্থে জনোৱা হৈছে যে এই প্ৰদৰ্শনী সম্পূৰ্ণ বিনামূলীয়া। প্ৰথমতে কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত এই প্ৰদৰ্শনীৰ ব্যবস্থা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগহত এই প্ৰদৰ্শনী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়।
No comments:
Post a Comment