জল নিষ্কাষণ, বৰিঙৰ নিষেধাজ্ঞা উঠাই ললে উপায়ুক্তই - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 17 March 2022

জল নিষ্কাষণ, বৰিঙৰ নিষেধাজ্ঞা উঠাই ললে উপায়ুক্তই

 



শুষ্ক বতৰৰ পৰিপ্ৰেক্ষিতত সাময়িকভাৱে বাতিল নিষেধাজ্ঞা





W7s news ষ্টাফৰিপোৰ্টাৰ:  জনসাধাৰণৰ সেৱা তথা প্ৰকৃতিৰ জলস্তৰৰ সুৰক্ষাৰ স্বাৰ্থত আৰু লগতে ৰাইজৰ আবেদনৰ ভিত্তিত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে চলিত মাহৰ ১০ মাৰ্চত এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় ভূমি জল বৰ্ডৰ আগতীয়া অনুমতি অবিহনে বৰিং আৰু ভূমিৰ তলৰ পৰা জল নিষ্কাষণ বন্ধ কৰাৰ নিষেধাজ্ঞা দিছিল। সেই অনুসৰি ১১ মাৰ্চৰ আন এক আদেশৰ জৰিয়তে জনসাধাৰণ ঘৰুৱা ব্যৱহাৰ (বাণিজ্যিক নহয়) আৰু সৈন্য বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠানসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছিল। কিন্তু বৰ্তমানৰ শুকান বতৰ আৰু খোৱা পানীৰ নাটনিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ আবেদনৰ ভিত্তিত জনসেৱাৰ স্বাৰ্থত উপৰোক্ত দুয়োটা নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লৈছে জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমে বুধবাৰে এক আদেশৰ জৰিয়তে তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিষেধাজ্ঞা উঠাই লোৱাৰ পিছত বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই সম্পৰ্কত এক সংবাদ মেল সম্বোধন কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সংবাদ মেলখনত উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে জল নিষ্কাষণৰ জৰিয়তে প্ৰকৃতিক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ লগতে বহু সময়ত বৰিঙৰ গাড়ী আদিয়ে জল জীৱন বিপৰ্যস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক আবেদনৰ স্বাৰ্থত বৰিং, জল নিষ্কাষণ বন্ধ কৰা হৈছিল। কিন্তু বৰ্তমান শুষ্ক বতৰৰ প্ৰতি লক্ষ্য ৰাখি উক্ত নিষেধাজ্ঞা সাময়িকভাৱে উঠাই লোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here