W7s news দিপাঞ্জলি ডেকা:
'ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে
ফাগুনৰে বা লাগিল বসন্ত বনতে...
আকাশে বতাহে এতিয়া ৰঙৰ উৎসৱক আদৰাৰ প্ৰস্তুতি। ইতিমধ্যে
ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাক আদৰাৰ প্ৰস্তুতি তুংগত উঠিছে। উজনি-নামনিত দুদিনীয়া, পাঁচদিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। বৰদোৱা, বৰপেটাত এতিয়া বিৰাজ কৰিছে উৎসৱ মুখৰ পৰিৱেশৰ। হোলী গীতেৰে মুখৰ হৈ পৰিছে চৌদিশ। ভাতৃত্বৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে সকলোৱে সাজু হৈছে। ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুই বছৰ উৎসৱ উদযাপনত চৰকাৰে কিছু বাধা আৰোপ কৰিছিল যদিও এইবাৰ দুগুণ উৎসাহেৰে ৰাইজ ওলাই আহিছে ৰঙৰ উৎসৱক আদৰিবলৈ।
সমগ্ৰ ৰাজ্যত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে উত্তৰ-পূবৰ দুৱাৰখন গুৱাহাটী মহানগৰীতো চলিছে দৌল উৎসবৰ ব্যাপক প্ৰস্তুতি।উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰী শ্ৰীদৌল গৌবিন্দ মন্দিৰত বৃহস্পতিবাৰৰ পৰা ২১ মাৰ্চলৈ পাঁচদিনীয় কাৰ্যসূচীৰে 'দৌল উৎসৱ ২০২২' ৰ আয়োজন কৰা হৈছে। সেইদৰে দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে ১৭ আৰু ১৮ মার্চত বিংশ বৰ্ষৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। দৌল উৎসৱ উপলক্ষে ইতিমধ্যে গুৱাহাটীৰ বজাৰ ভৰি ভৰিছে ৰং বিৰঙী আবিৰ, ফিচকাৰী, বিভিন্ন ৰঙৰ মুখা আদিৰে। এই সম্পৰ্কে বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰৰ বৃদ্ধিচান্দ কেশৱদেৱ ৰ ব্যৱসায়ী কিশন শৰ্মাই কয়-আমি দীৰ্ঘদিন ধৰি এই ব্যবসায়ৰ সৈতে জড়িত। এইবাৰ মুম্বাইৰ পৰা প্ৰাকৃতিক আবিৰ অনাৰ লগতে বিহাৰৰ পৰা পেকেট আবিৰ, ৰাজস্থানৰ পৰা ভিন্ন ৰঙী টুপি, পাগুৰি আদি অনা হৈছে। লগতে শিশুৰ বাবে নানা পুতলা ফিচকাৰী আদি অনা হৈছে। ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বতকৈ দুগুণ বৃদ্ধি হৈছে সামগ্ৰীৰ মূল্য। ' এইবাৰ বাণিজ্যৰ কেন্দ্ৰ ফাঁচি বজাৰত আহিছে কানপুৰৰ ১৫ ৰ ২০ জন ক্ষুদ্ৰ ব্যৱসায়ী। এই সম্পৰ্কে কানপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী আচলামে
কয়- আমি চাৰিদিনৰ বাবে নানা ৰঙী আবিৰ লৈ গুৱাহাটী মহানগৰীলৈ ব্যৱস্যায় কৰিবলৈ আহিছোঁ। আমি প্ৰতি কেজি আৱৰি ২০০ টকাকৈ বিক্ৰী কৰিছোঁ।'
ইফালে প্ৰাকৃতিক ৰঙেৰে ফাকু খেলি নিজৰ ছাল চুলি ৰসায়নিক দ্ৰব্যৰ পৰা ৰক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে সৌন্দৰ্য বিশেষজ্ঞ ভানু শৰ্মাই। তেওঁ কয় -"ৰঙৰ উৎসৱ হোলী আমি সকলোৱে ভালপাওঁ। কিয়নো এই উৎসৱে আমাৰ মনৰ পৰা বেয়াবোৰ আঁতৰাই ভাতৃত্ববোধ জগায়। পুৰ্বতে হোলীত ব্যৱহাৰ হোৱা ৰংবোৰ প্ৰাকৃতিক উপাদানেৰে প্ৰস্তুত কৰি ব্যৱহাৰ কৰিছিল। যিবোৰ আমাৰ ছালৰ বাবে উপকাৰী আছিল। কিন্তু সম্প্ৰতি বজৰত বিভিন্ন ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ ৰসায়নিক দ্ৰব্য মিহলি ৰঙ উপলব্ধ। যিবোৰে আমাৰ ছালখনত বহু বেয়াকৈ ক্ষতিসাধন কৰে। সেয়েহে এই ৰংবোৰৰ ব্যৱহাৰৰ পৰা যিমান সম্ভৱ আতৰি থাকিব লাগে আৰু ঘৰতে প্ৰাকৃতিক আবিৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব লাগে। ঘৰতে সহজে উপলব্ধ গোলাপ ফুল, জবা ফুল, নাৰ্জী ফুল, অপৰাজিতা ফুল, পলাস ফুল, পদিনা, ধনীয়া, পালেং শাক,জেতুকা, কেচা হালধী, কফি পউদাৰ, ডালিম গুটি, পুৰৈ শাকৰ গুটি, বীট, গাজৰ, বেঙুনীয়া বন্ধাকবি আদিৰ ৰস উলিয়াই ময়দা, কৰ্নফ্ল'ৰ, মেথি গুড়ি, টেলকাম পাউদাৰ, চাউলৰ গুড়িৰ সৈতে মিহলি কৰি বিভিন্ন ৰঙৰ আবিৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰে। যিবোৰ আমাৰ ছালৰ বাবে খুব উপকাৰী হয়। লগতে কৰ্দৈ টেঙাৰ ব্যৱহাৰ ৰং আঁতৰাবলৈ ব্যৱহাৰ কৰাৰ লগতে গা আৰু মূৰত ৰং খেলাৰ পূৰ্বে বিশুদ্ধ নাৰিকল তেল ঘঁহিব লাগে। আকাশে বতাহে এতিয়া আবিৰৰ ৰঙে উৎসৱৰ বতৰা কঢ়িয়াই আনিছে। আনহাতে হোলী উপলক্ষে ১৯ মাৰ্চত কামৰূপ মেট্ৰ’ত ’স্থানীয় বন্ধ’ ঘোষণা কৰা হৈছে।
No comments:
Post a Comment