কামাখ্যা মটৰ্ছত 'এছ.ইউ.ভি.-ৰ বিশেষ কাজিৰঙা সংস্কৰণ' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 16 March 2022

কামাখ্যা মটৰ্ছত 'এছ.ইউ.ভি.-ৰ বিশেষ কাজিৰঙা সংস্কৰণ' মুকলি

 





W7s news ষ্টাফৰিপোৰ্টাৰ :  গুৱাহাটীৰ জোনালীস্থিত কামাখ্যা মটৰ্ছ ডিলাৰশ্বিপে বুধবাৰে 'এছ.ইউ.ভি.-ৰ বিশেষ কাজিৰঙা সংস্কৰণ' মুকলি কৰে। এই মুকলি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্য বন সংৰক্ষক এম.কে.যাদৱ আৰু অসমৰ জনপ্ৰিয় অভিনেতা দিগন্ত হাজৰিকা। লগতে অনুষ্ঠানটোত উপস্থিত থাকে টাটা মটৰ্ছৰ আঞ্চলিক প্ৰবন্ধক সৌমেন পল,  কামাখ্যা মটৰ্ছৰ এমডি ৰোহিত মলহোত্ৰা,  টাটা মটৰ্ছৰ চিনিয়ৰ মেনেজাৰ ঋষি খেমকা,  কামাখ্যা মটৰ্ছৰ জিএম উপেন শৰ্মা।


'এছ.ইউ.ভি.-ৰ বিশেষ কাজিৰঙা সংস্কৰণ'-এ ভাৰতৰ চহকী ভৌগোলিক আৰু জৈৱিক বৈচিত্ৰ্যৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহক শ্ৰদ্ধা জ্ঞাপন কৰে। এই আইকনিক এছ.ইউ.ভি.-ৰ এক প্ৰকাৰৰ বিশেষ সংস্কৰণত ভাৰতৰ প্ৰথম আৰু সুৰক্ষিত চাব কম্প্যাক্ট এছ.ইউ.ভি–পাঞ্চ, ভাৰতৰ প্ৰথম জিএনচিএপি 5ষ্টাৰ ৰেটেড কাৰ–নেক্সন, লেণ্ড ৰোভাৰ ডিএনএৰ সৈতে কোম্পানীৰ প্ৰিমিয়াম এছইউভি–হেৰিয়াৰ আৰু ইয়াৰ ফ্লেগশ্বিপ ৭ চিটাৰ এছ.ইউ.ভি. –চাফাৰী অন্তৰ্ভুক্ত থাকিব। ইফালে এই বিশেষ সংস্কৰণটো সকলো টাটা মটৰ্চৰ অনুমোদিত ডিলাৰশ্বিপত উপলব্ধ হ'ব।

টাটা পাঞ্চ কাজিৰঙা সংস্কৰণ: 

ভাৰতৰ প্ৰথম আৰু সুৰক্ষিত চাব-কম্প্যাক্ট এছইউভি – টাটা পাঞ্চে সকলো নিউ আৰ্থিৰ সৈতে বেইজ লেডাৰেট আপহোলষ্ট্ৰী, পিয়ানো ব্লেক ডোৰ ট্ৰিম, আৰ্থি বেইজ ট্ৰাই-এৰো ফিনিচ ডেশ্বব'ৰ্ড মিড পেড, গ্ৰেনাইট ব্লেক ৰুফ ৰেল, পিয়ানো ব্লেক হিউমেনিটি লাইন ফ্ৰণ্ট গ্ৰিল আৰু জেট ব্লেক ১৬" এলয় হুইলচ আদি উপাদানবোৰৰ এক আকৰ্ষণীয় সংযোজন লাভ কৰে। এই কাজিৰঙা সংস্কৰণটো ক্ৰিয়েটিভ এমটি, ক্ৰিয়েটিভ এমটি-আইআৰএ, ক্ৰিয়েটিভ এএমটি আৰু ক্ৰিয়েটিভ এএমটি-আইআৰএত উপলব্ধ হ'ব।


টাটা নেক্সন কাজিৰঙা সংস্কৰণ:

নেক্সনে ইয়াৰ নতুন সংস্কৰণত চালক আৰু সহ-চালকৰ বাবে বায়ু চলাচল আসন বা ভেন্টিলেটেড আসন যোগ দিছে। লগতে এয়াৰ-পিউৰিফায়াৰ এটা যোগ কৰিলে ইয়াৰ কেবিনটো আৰামদায়ক আৰু সুৰক্ষিত অনুভৱ হয়। ড্ৰাইভাৰক অধিক সহজতা প্ৰদান কৰিবলৈ, এই সংস্কৰণত এক নতুন ইলেক্ট্ৰক্ৰমেটিক আইআৰভিএম প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উপৰিও, নেক্সন কাজিৰঙাত ডুৱেল টোন আৰ্থি বেইজ লেডাৰেট আপহোলষ্ট্ৰী, পিয়ানো ব্লেক ডোৰ ট্ৰিম, ট্ৰপিকেল উড ফিনিচ ডেশ্বব'ৰ্ড মিড – পেড, গ্ৰেনাইট ব্লেক বডী ক্লেডিং আৰু ৰুফ ৰেল, পিয়ানো ব্লেক হিউমেনিটি লাইন ফ্ৰণ্ট গ্ৰিল আৰু জেট ব্লেক ১৬" এলয় হুইলৰ সৈতে সজ্জিত হ'ব। নেক্সন কাজিৰঙা

সংস্কৰণটো দুটা ট্ৰিমত উপলব্ধ হ'ব – পেট্ৰ'ল আৰু ডিজেল পাৱাৰট্ৰেইন, নেক্সন XZ+ (P) আৰু নেক্সন XZA+ (P)।


টাটা হেৰিয়াৰ কাজিৰঙা সংস্কৰণ:

টাটা মটৰ্ছৰ প্ৰিমিয়াম এছ.ইউ.ভি. – হেৰিয়াৰে এতিয়া চালকৰ বাবে বায়ুচলাচল কৰা আসন চালক আৰু সহ-চালকৰ বাবে যোগ দিছে। এয়াৰ-পিউৰিফায়াৰৰ সংযোজনে ইয়াৰ কেবিনটো আৰামদায়ক আৰু সুৰক্ষিত অনুভৱ কৰায়। ইয়াত নতুন সংযোজিত কাৰ প্ৰযুক্তিৰ লগতে এপল কাৰ প্লে আৰু এণ্ড্ৰইড অটো ৱাইফাইৰ সৈতেও আহিব। ইয়াৰোপৰি ডুৱেল টোন আৰ্থি বেইজ লেডাৰেট চিট আৰু ডোৰ ট্ৰিম, ট্ৰপিকেল উড ফিনিচ ডেশ্বব'ৰ্ড মিড – পেড, গ্ৰেনাইট ব্লেক বডী ক্লেডিংচ, গ্ৰেনাইট ব্লেক ফ্ৰণ্ট গ্ৰিল পিয়ানো ব্লেক ইনচাৰ্ট আৰু জেট ব্লেক ১৭" এলয় হুইলছত আহিব। ইফালে কাজিৰঙা সংস্কৰণ দুটা ট্ৰিমত উপলব্ধ – হেৰিয়াৰ XZ+ আৰু হেৰিয়াৰ XZA+


টাটা চাফাৰি কাজিৰঙা সংস্কৰণ:

টাটা মটৰ্ছৰ ফ্লেগশ্বিপ এছ.ইউ.ভি. – চাফাৰী, ইয়াৰ আটাইতকৈ বেছি সুবিধাসমৃদ্ধ বাহন। উপলব্ধৰ উপৰিও ইয়াৰ শীৰ্ষ ট্ৰিমত আছে যেনে প্ৰথম আৰু দ্বিতীয় শাৰীত ভেণ্টিলেটেড চিট", ৱায়াৰলেচ চাৰ্জাৰ, এপল কাৰপ্লে / এণ্ড্ৰইড অটো অভাৰ ৱাই-ফাই, এয়াৰ পিউৰিফায়াৰ, আইআৰএ, চাফাৰী কাজিৰঙাই ডুৱেল টোন আৰ্থি বেইজ লেডাৰেট চিটচ আৰু ডোৰ ট্ৰিম, ট্ৰপিকেল উড ফিনিছ ডেশ্বব'ৰ্ড মিড – পেড, গ্ৰেনাইট ব্লেক বডী ক্লেডিংচ, গ্ৰেনাইট ব্লেক ফ্ৰণ্ট গ্ৰিল আৰু ৰুফ ৰেলৰ সৈতে পিয়ানো ব্লেক ইনচাৰ্ট আৰু জেট ব্লেক ১৮ এলয় হুইল।  চাফাৰীৰ এই সংস্কৰণটো ৪ টা ট্ৰিমত উপলব্ধ হ'ব - XZ+ 7S, XZA+ 7S, XZ+ 6S, XZA+ 6S.

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here