‘ইমার্জিং নর্থ-ইষ্ট’ৰ পঞ্চম সংস্কৰণ উদ্বোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 March 2022

‘ইমার্জিং নর্থ-ইষ্ট’ৰ পঞ্চম সংস্কৰণ উদ্বোধন





W7s news ষ্টাফৰিপোৰ্টাৰ : অসম চৰকাৰৰ  উদ্যোগ মন্ত্ৰী  চন্দ্ৰমোহন পাটোৱাৰীয়ে মঙলবাৰে গুৱাহাটীত ‘ইমার্জিং নর্থ-ইষ্ট’ প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদর্শনী ৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৷ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ প্ৰধান সচিব  আই এ এছ ড০ কে কে দ্বিবেদী, শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ  আই আৰ এছ ই ই  বিনীত কুমাৰ, ভাৰত চৰকাৰৰ ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় কনচৰ্টিয়ামৰ  পৰিচালন সঞ্চালক আই এ এছ নীলকমল দৰবাৰী, মেঘালয় চিমেণ্টছ লিমিটেডৰ পৰিচালনা সঞ্চালক মহেন্দ্ৰ কে আগৰৱালা,  এছ'চেমৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ  সঞ্চালক পাৰমিন্দৰ জিত কৌৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৷ 

প্ৰদৰ্শনীখনৰ খনৰ জৰিয়তে  অঞ্চলটোৰ সাম্ভাব্য খণ্ডসমূহ প্ৰদৰ্শন কৰাৰ এক  সুযোগ প্ৰদান কৰা হৈছে । সমগ্ৰ অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন, চৰকাৰী বিভাগ  আৰু আন সকলো অংশীদাৰক এই প্ৰচেষ্টাত সামৰি লোৱা হৈছে ৷   গুৱাহাটীত 



 তিনিদিনীয়াকৈ আয়োজন কৰা এই  প্ৰদর্শনীখনত বিভিন্ন  উদ্যোগ, প্ৰতিষ্ঠান, এফপিঅ', কৃষক,  ভিন্ন  ক্ষেত্ৰৰ  বিশেষজ্ঞৰ উপস্থিতিৰে অঞ্চলটোৰ  বিভিন্ন ক্ষেত্ৰক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰত্ব আৰোপ কৰা হৈছে  ৷ আন্তঃগাঁথনি, নেটৱৰ্ক আৰু সংযোগ, বিত্তীয় সা-সুবিধা  আৰু সম্পদৰ ব্যৱহাৰ আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহত  ঘূৰণীয়া মেজমেল, সন্মিলন, অধিৱেশন অনুষ্ঠিত হ’ব ৷ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ  উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, " সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা  দেশৰ ৰাজ্যসমূহৰ  ভিতৰত অন্যতম হৈছে অসম ৷ মই দৃঢ় বিশ্বাসী যে  নতুন পদক্ষেপ তথা  মুখ্য প্ৰকল্প আৰু সেৱা প্ৰদানৰ দিশত  চৰকাৰে লোৱা পদক্ষেপে  আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ লগতে  যুৱ প্ৰজন্মৰ বাবে  অধিক চাকৰি সৃষ্টি কৰাত সহায় কৰিব। আমি বিগত বছৰসমূহত  ব্যৱসায়িক ক্ষেত্ৰখনত একেৰাহে  সহযোগিতা  কৰি আহিছো ৷ ৰাজ্যত ব্যৱসায় আৰম্ভ কৰিবলৈ বিচৰাসকলক সমর্থন আগবঢ়াবলৈ আমাৰ ওচৰত  দক্ষ বিষয়া  আছে ৷  আমি বিভিন্ন  প্ৰযুক্তি গ্ৰহণ কৰিছো আৰু ব্যৱসায়িক কাম-কাজ সহজ কৰাৰ বাবে নীতিবোৰ সলনি কৰা হৈছে ।"                              এছ'চেমৰ  পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সঞ্চালক  পাৰমিন্দৰ জিত কৌৰে  কয়, "আমি বিকাশৰ পথত আগুৱাই নিব বিচাৰিছো ৷'কেৱল এই তিনিদিনৰ বাবে  আমি নতুন অংশীদাৰী বিচৰা নাই, ভৱিষ্যতেও সেয়া অব্যাহত থাকিব ৷   ৫বছৰ আগতে ইমার্জিং নর্থ-ইষ্ট   এই শৃংখলাটো আৰম্ভ কৰাৰ উদ্দেশ্য আমি  পূৰণ কৰিম।  আজি আমাৰ সৈতে যোগদান  কৰা  মুম্বাই, দিল্লী, বাংগালোৰ আৰু দেশৰ অন্যান্য প্ৰান্তৰ  আমাৰ সদস্য আৰু অতিথিসকলৰ লগতে  নেডাৰলেণ্ডক প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলৰ প্ৰতি আমি  কৃতজ্ঞ ৷  আমি আশাবাদী যে ব্যৱসায়িক বৈঠকখনে নেটৱৰ্ক, শিক্ষণ  আৰু অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰিব।“আন্তঃগাঁথনি, লজিষ্টিক, নৱীকৰণযোগ্য, খাদ্য প্ৰক্ৰিয়াকৰণ, পৰ্যটন আদিৰ দৰে মুখ্য খণ্ডসমূহত বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে ৷  অৱশ্যে এইক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰাৰ থল আছে ৷  সেয়েহে, বিকাশ আৰু অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত  অংশীদাৰিত্বৰ প্ৰয়োজনীয়তা আছে ৷ যাৰ জৰিয়তে  এই অঞ্চলৰ লোকসকলৰ বাবে অধিক চাকৰি, উপাৰ্জন আৰু সুযোগৰ সৃষ্টি হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here