গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ দিক নির্দেশনা প্রদান কেন্দ্র মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 February 2022

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীক সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ দিক নির্দেশনা প্রদান কেন্দ্র মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ :  গুৱাহাটীস্থিত মহাতেজদ ডি ডি প্রাইভেট লিমিটেড নামৰ সংস্থাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতীক আঞ্চলিক আৰু সৰ্বভাৰতীয় পর্যায়ত বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হোৱাৰ ক্ষেত্ৰত দিক নির্দেশনা প্রদান কৰিব পৰাকৈ আছাম কোচিং চেণ্টাৰ নামেৰে এটা কেন্দ্র  মুকলি কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা প্ৰশিক্ষক তত্ত্বাবধানত অমানসম্পন্ন পেছাদাৰী শিক্ষা প্ৰদানৰ উদ্দেশে৷ স্থাপন কৰা হৈছে আছাম কোচিং চেণ্টাৰ (এ চি ডি)। গুৱাহাটীৰ চানমাৰিৰ পূব শৰণীয়াত শংকৰদেৱ পথত অৱস্থিত এই কেন্দ্রটোও আছে ডিজিটেল ক্লাছ ৰূম আৰু অত্যাধুনিক আত্মগাঁথনিৰ সুবিধা। এ চি চিয়ে বিভিন্ন আর্থ-সামাজিক পৃষ্ঠভূমিৰ যুৱক-যুৱতীসকলৰ বাবে তেওঁলোকৰ সপোন পুৰণ কৰি দেশৰ এগৰাকা দায়িত্বশীল নাগৰিক হোৱাৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে। এই সম্পৰ্ভত আছাম চেণ্টাৰৰ সঞ্চালক মীনাক্ষী শইকীয়াই গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত

চেণ্টাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ

বিষয়ে কয়। তেওঁ লগতে কয় 

'এ চি চিয়ে ইউ পি এছ চি. এ পি এছ চি, এ জে এছ. বেংকিং, এছ এছ চি, আৰ আব বি, টেট, জে ই ই আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থীসকলক গুণমানসম্পন্ন প্রশিক্ষণ প্রদান কৰিব।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন অতিৰিক্ত ডি জি পি পল্লব ভট্টাচার্য, সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ আৰু মূল বক্তা হিচাপে উপস্থিত থাকে। তেওঁলোক আটাইকেইগৰাকীকে এই অনুষ্ঠানত সম্বর্ধনা জ্ঞাপন কৰা হয়। মুখ্য অতিথিয়ে নামভৰ্তিৰ প্ৰ-পত্ৰ মুকলি কৰাৰ বিপৰীতে সম্মানীয় অতিথিয়ে আনুষ্ঠানিকভাবে মুকলি কৰে।

আমাৰ উদ্দেশ্য হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰশিক্ষণ আৰু দিক নির্দেশনা প্রদানৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ অন্যতম শ্রেষ্ঠ প্রতিষ্ঠান হিচাপে বিবেচিত হোৱা। ৷ ইয়াৰ লগতে কেন্দ্ৰটোত যুৱক-যুৱতীসকলৰ সক্ষতা আৰু ব্যক্তিত্বৰো বিকাশ সাধন কৰা হ'ব। আমাৰ শিক্ষক গোটত আছে পাঁচগৰাকী ফেকাল্টি সদস্য আৰু বিজনেছ ডেভেলপমেন্ট, কণ্টেইণ্ট মেকিং আৰু মার্কেটিঙৰ সৈতে জড়িত চাৰিগৰাকী বিষয়ববীয়া। অচিৰেই পাঠশালাতো আমি অনুৰূপধৰণৰ কেন্দ্ৰ এটা মুকলি কৰিম। বিভিন্ন প্রত্যন্ত এলেকাৰ পৰা অহা উচ্চাকাংক্ষী প্ৰাৰ্থীসকলৰ বাবে আমাৰ কেন্দ্ৰটোৱে বিনামূলীয়া নামভর্তির ব্যৱস্থাও ৰাখিছে। মেধাৱী শিক্ষার্থীসকলৰ বাবে বছৰত দুবাৰকৈ স্কলারশিপৰ পৰীক্ষা অনুষ্ঠিত হ'ব। আমি শিক্ষার্থীসকলৰ বাবে এনে এক পৰিবেশ সৃষ্টি কৰিব বিচাৰিছো, য'ত তেওঁলোকে গুণমানসম্পন্ন প্রশিক্ষণৰ লগতে সঠিক ষ্টাডি মেটেৰিয়েল আৰু পুথিভঁৰালবো সুবিধা লাভ কৰিব পাৰে। এনেদৰে আমি তেওঁলোকৰ প্ৰয়োজনীয়তাৰ সকলো দিশ সামৰি লোৱাৰ চেষ্টা কৰিছো।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here