W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটী প্ৰেছ ক্লাৱত দেওবাৰে বিশিষ্ট লেখক, ছিপঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যাপক চফিকুল হকৰ 'উত্তৰণৰ স্বপ্ন' শীর্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থ খন উন্মোচন কৰি অধ্যাপক আব্দুল মান্নানে কয় ' অসমৰ সামগ্ৰিক পৰিস্থিতি,স্বাধীনতাৰ পাছৰ সুদীৰ্ঘ যাত্ৰাত মনৰ অনুভূতি, সমাজক নিৰীক্ষণ কৰি লেখকে গ্ৰন্থখন লিখি উলিয়াইছে। লেখকৰ জ্ঞান, অভিজ্ঞতা, অধ্যয়নৰ মানদণ্ডই অভিভূত কৰিছে। এখন সুন্দৰ আৰু তত্বগধুৰ গ্ৰন্থ লেখকে আমাক উপহাৰ দিলে। গ্ৰন্থখনৰ পাতনি ড০ হীৰেন গোহাঁইয়ে লিখিছে। এক বৃহৎ শক্তিয়ে আমাৰ সমাজত ভাঙোন আনিব বিচাৰিছে তাৰ উচিত বিশ্লেষণ দাঙি ধৰাত লেখক সফল হৈছে। মই তেওঁৰ প্ৰতিটো কথাতে একমত। শিক্ষাৰ বিকল্প একো নাই। আমি শিক্ষাৰ মাজেৰে উত্তৰণ কৰিব লাগিব। সমাজখনত চলি থকা গোড়ামী সাহস আৰু বলিষ্ঠভাৱে লেখকে মুখা খুলি দিয়াৰ প্ৰয়াস কৰিছে । গ্ৰন্থখনৰ জৰিয়তে সমাজখন প্ৰভুত পৰিমাণে উপকৃত হ'ব পাৰিব। কিছুমান তথ্যই সমাজ খনক বিভ্ৰান্ত কৰে। লেখকে শুদ্ধ তথ্য দি সমাজখনক এক ইতিবাচক বার্তা দিবলৈ সক্ষম হৈছে।ভৱিষ্যতে তেওঁৰ অধ্যয়নশীল মনৰ পৰা আমি সমাজ জীৱন উপকৃত হ'ব পৰা গ্ৰন্থ আশা কৰিছোঁ। এই গ্ৰন্থখন পাঠক সমাজে যাতে আদৰি লয় তাৰে আশা কৰিলোঁ।'প্ৰজন্মা চহৰীয়াই আঁতধৰা সভাখনত কটন কলেজৰ প্ৰাক্তন অধ্যাপক ড০ পইনুৰুদ্দিন আহমেদ,বিশিষ্ট লেখক, সমালোচক পৰেশ মালাকাৰ পৰেশ মালাকাৰ, বিশিষ্ট লেখক ডাঃ ৰমেন হাজৰিকা,বিশিষ্ট লেখক ড০ দ্বিজেন বৰ্মন, ভাষা প্ৰকাশনৰ অধ্যক্ষ মুকুট শৰ্মা উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ প্ৰসন্ন কুমাৰ নাথে আদৰণি ভাষণ আৰু লেখকৰ চমু পৰিচয় দাঙি ধৰে। আনহাতে লেখ চফিকুল হকে গ্ৰন্থখনৰ আঁৰৰ কথা কয়। সভাত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড০ অৰূপ কুমাৰ নাথৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য, সভাত উন্মোচক হিচাপে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইক আমন্ত্ৰণ জনোৱা হৈছিল যদিও বিশেষ কাৰণত তেওঁ উপস্থিত থাকিব নোৱাৰিলে। সভাত তেওঁৰ লিখিত ভাষণ পাঠ কৰা হয়।
No comments:
Post a Comment