ডা৹ মিনতি দাসৰ প্ৰথমখন উপন্যাস 'মনস্বিনী' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 February 2022

ডা৹ মিনতি দাসৰ প্ৰথমখন উপন্যাস 'মনস্বিনী' উন্মোচন

 



W7s News ষ্টাফৰিপোৰ্টাৰ  : লেখিকা ডাঃ মিনতি দাসৰ প্ৰথমখন উপন্যাস 'মনস্বিনী' দেওবাৰে চেনিকুঠিৰ অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সঞ্চালকালয় চৌহদৰ তথ্য আৰু প্ৰদৰ্শনী সভাকক্ষত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। মণিকূট প্ৰকাশনে প্রকাশ কৰা  গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীয়ে। গ্ৰন্থখন উন্মোচন কৰি তেওঁ 'মনস্বিনী' নামৰ উপন্যাসখনৰ বিষয়ে আলোকপাত কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ এক উল্লেখযোগ্য অৱদান। তেঁও লগতে খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ভেটিত ৰচিত এই উপন্যাসখনৰ কথা গুৰুত্বসহকাৰে উল্লেখ কৰে। উল্লেখ্য, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ক লৈ ৰচিত এইখনেই প্ৰথমখন সম্পূৰ্ণ কেম্পাছভিত্তিক উপন্যাস। অনুষ্ঠানত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত বিশিষ্টা লেখিকা ডা৹ অপৰ্ণা দাস, জৈৱিক উৎপাদন কেন্দ্ৰ,অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ডা৹ শশীৰাম মালাকৰ, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹বীৰেন দাস, অধ্যাপক ড৹জয়ন্ত কুমাৰ শৰ্মাৰ লগতে আন কেবাজন বিশিষ্ট ব্যক্তি সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত 'মণিকূট'ৰ হৈ উপস্থিত থাকে প্ৰকাশক মৃণাল কুমাৰ মিশ্ৰ উপস্থিত থাকে। গ্ৰন্থখন সোনকালেই গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইৰ বিপণীসমূহত উপলব্ধ হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here