শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত ৰুদ্ৰ যজ্ঞৰ ৰূপালী জয়ন্তী - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 20 February 2022

demo-image

শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত ৰুদ্ৰ যজ্ঞৰ ৰূপালী জয়ন্তী

Responsive Ads Here

 

.com/img/a/

২৬ ফেব্ৰুৱাৰীৰ পৰা পহিলা মাৰ্চলৈ ৰুদ্ৰযজ্ঞ


ভানপূৰা পীঠৰ জগৎগুৰু শঙ্কৰাচাৰ্য্য শ্ৰীশ্ৰী জ্ঞানানন্দ তীৰ্থ ৰ লগতে উপস্থিত থাকিব

মহাপীঠ কাশীৰ কেইবাজনো পণ্ডিত




W7s News ষ্টাফৰিপোৰ্টাৰ : 'নৱগ্ৰহ দেৱালয়ৰ পাদদেশত অৱস্থিত শিলপুখুৰীৰ নৱগ্ৰহ শ্মশানৰ নিকটবর্তী প্রাচীন ‘শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰ'ৰ উদ্যোগত বিগত ২৫ বছৰ ধৰি মহাশিৱৰাত্ৰি উপলক্ষে মন্দিৰ প্ৰাঙ্গণত ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰি অহা হৈছে। এইবেলি আমি এই ৰুদ্ৰযজ্ঞৰ ‘ৰূপালী জয়ন্তী’ বিভিন্ন কাৰ্য্যসূচীৰে  ২৬ ফেব্ৰুৱাৰীৰ পৰা পহিলা মাৰ্চলৈ অনুষ্ঠিত হ'ব- দেওবাৰে মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্রী উদযাপন সমিতিৰ মুখ্য প্ৰৱক্তা অমিতাভ বৰুৱাই। তেওঁ লগতে কয় -এই চাৰিদিনীয়া মাঙ্গলিক কাৰ্য্যসূচীত মধ্যপ্ৰদেশৰ ভানপূৰা পীঠৰ জগৎগুৰু শঙ্কৰাচাৰ্য্য শ্ৰীশ্ৰী জ্ঞানানন্দ তীৰ্থ লগতে মহাপীঠ কাশীৰ পৰাও বহুকেইগৰাকী পণ্ডিতে অংশ গ্ৰহণ কৰিব। চাৰিদিনীয়া এই  মাংগলিক কাৰ্যসূচীত এইবাৰ প্ৰায় ১৫ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। ২৬ ফেব্ৰুৱাৰীত ধৰ্মধ্বজা উত্তোলন কৰিব কামাখ্যা দেবালয়ৰ দলৈয়ে। সিদিনা সন্ধিয়া ৬ বজাত জগৎগুৰু শঙ্কৰাচাৰ্য্য শ্ৰীশ্ৰী জ্ঞানানন্দ তীৰ্থই অমৃত বাণী প্ৰচাৰ কৰিব। সিদিনা সন্ধিয়া শিল্পী জিনা ৰাজকুমাৰী আৰু সংগী বৃন্দই ভক্তিমূলক সংগীতানুষ্ঠান পৰিবেশন কৰিব। ২৭ মাৰ্চত অন্যান্য কাৰ্যসূচীৰ লগতে শিশু-চেমনীয়াৰ চিত্ৰাংকন প্ৰতিযোগিতা, কাশীৰ মহাআৰতি, স্মৃতি গ্ৰন্থ 'অদ্ৰীশ' উন্মোচন কৰিব ৰুদ্ৰ যজ্ঞ পৰিচালনা সমিতিৰ মুখ্য পৃষ্ঠপোষক জয়ন্ত বৰুৱাই। তাৰপাছত অনুষ্ঠিত হ'ব লগীয়া সম্বৰ্ধনা অনুষ্ঠান সঞ্চালনা কৰিব অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ অৰূপ মিশ্ৰই। সিদিনা সন্ধিয়া বৰপেটাৰ পৰা আমন্ত্ৰিত শিল্পীবৃন্দই ভক্তিমূলক সংগীতানুষ্ঠান পৰিবেশন কৰিব। এইবেলি ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্রী পূজা তীৰ্থনগৰী কাশীৰ বিদ্যান পণ্ডিত আচাৰ্য কমল শাস্ত্ৰী (জ্যোতিষ আচাৰ্য) ৰ তত্বাৱধানত সম্পন্ন কৰা হ'ব। আনহাতে পহিলা মাৰ্চত অঞ্চলটোৰ শিশু সকলৰ মাজত ভেশচন প্ৰতিযোগিতা, নাগাৰা নাম, বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকিব। সিদিনা নিশা ভক্তিমূলক আৰু বাউল গীতৰ অনুষ্ঠানৰ মুখ্যআকৰ্ষণ হ'ব মনোজ শৰ্মা আৰু সংগীবৃন্দ। সিদিনা নিশা ১০ বজাত মহাশিৱৰাত্রী পূজা আৰম্ভ হ'ব আৰু শেষনিশা পুৱা ৫ বজাত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হ'ব। বিগত বৰ্ষত শিৱৰাত্ৰিৰ দিনা প্ৰায় ২৫ হাজাৰ লোকে প্রসাদ গ্ৰহণ কৰিছিল। এইবাৰ ৫০ হাজাৰ লোকে প্রসাদ গ্ৰহণ কৰিব বুলি আমি আশাবাদী। জগৎগুৰু শঙ্কৰাচাৰ্য্য শ্ৰীশ্ৰী জ্ঞানানন্দ তীৰ্থই গুৱাহাটীৰ কেন্দ্ৰীয়  কাৰাগাৰৰ কয়দী সকলৰ মাজত ধর্মৰ বাণী প্ৰচাৰ কৰিব।' সংবাদ মেলত সমিতিৰ প্ৰচাৰ সচিব উৎপল ঠাকুৰীয়া, সদস্য মনমৰমী মহন্তৰ লগতে সমিতিৰ অন্যান্য বিষয় ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *