W7s news ষ্টাফৰিপোৰ্টাৰ: উজনি অসমৰ দুখন মহাবিদ্যালয়, চিলাপথাৰ মহাবিদ্যালয় আৰু শদিয়া মহাবিদ্যালয়ৰ গণিত বিভাগ আৰু ৰসায়ন বিজ্ঞান বিভাগে ১৯ ফেব্ৰুৱাৰীত একোখনকৈ বুজাবুজি চুক্তি স্বাক্ষৰ কৰে। এই অনুসৰি মহাবিদ্যালয় দুখনে শৈক্ষিক আৰু অতিৰিক্ত-পাঠ্যক্ৰমিক ক্ৰিয়াকলাপৰ ক্ষেত্ৰত প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰীৰ সলনা-সলনিৰ লগতে দক্ষতা ভিত্তিক পাঠ্যক্ৰমৰ বাবেও সন্মতি প্ৰদান কৰে। উক্ত প্ৰস্তাৱ দুটাত চিলাপথাৰ মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ ডঃ লক্ষী নাথ পেগু, গণিত বিভাগৰ মূৰব্বী অধ্যাপক ডঃ ৰাজীৱ বিশ্বকৰ্মা, সহকাৰী অধ্যাপক উৎপল শইকীয়া আৰু সত্যজিত গায়ন, ৰসায়ন বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ সুকন্যা বৰুৱা আৰু সহকাৰী অধ্যাপক ডঃ শ্ৰীময়ী ফুকনে স্বাক্ষৰ কৰে। শদিয়া মহাবিদ্যালয়ৰ হৈ স্বাক্ষৰ কৰে অধ্যক্ষ ডঃ ভূপেন চুতীয়া, গণিত বিভাগৰ মূৰব্বী অধ্যাপক ডঃ অজয় শৰ্মা, ৰসায়ন বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ডঃ ৰাজীৱ খাটিৱদা আৰু সহকাৰী অধ্যাপক ডঃ উজ্জল প্ৰতীম শইকীয়াই। এই পদক্ষেপৰ জৰিয়তে দুয়োখন মহাবিদ্যালয়ে বিভাগ দুয়োটাৰ শিক্ষাৰ্থীৰ শৈক্ষিক উত্তৰণ হ'ব বুলি আশা কৰিছে।
No comments:
Post a Comment