গুৱাহাটী চিনে ক্লাবৰ ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 23 February 2022

গুৱাহাটী চিনে ক্লাবৰ ১৪ সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱ

 






W7s News ষ্টাফৰিপোৰ্টাৰ:  'গুৱাহাটী চিনে ক্লাবে  ২৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মার্চলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্রেক্ষাগৃহত ১৪সংখ্যক আন্ত:ৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্র মহোৎসৱৰ আয়োজন কৰিছে- বুধবাৰে গুৱাহাটী চিনে ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ক্লাৱৰ সম্পাদক মাধুৰিমা বৰুৱাই। তেওঁ লগতে কয় -'এই মহোৎসৱ 'ফেডেৰেশ্যন অৱ ফিল্ম ছ'চাইটীজ অৱ ইণ্ডিয়া আৰু সাংস্কৃতিক সঞ্চালকালয়, অসমৰ সহযোগত আয়োজন কৰা হৈছে। এই মহোৎসৱত জার্মানী, ইৰাণ, শ্রীলঙ্কা, টিউনিচিয়া, বাংলাদেশ, ছিংগাপুৰ, নেপাল আদি দেশৰ আৰু ভাৰতৰ মালায়ালম, উড়িয়া, বাংলা, খাছী আৰু অসমীয়া ভাষাৰ চলচ্চিত্র প্ৰদৰ্শন কৰা হ'ব। উদ্বোধনী চলচ্চিত্ৰ হিচাবে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উচ্চ প্রশংসিত প্রদীপ কুৰ্বা পৰিচালিত আৰু শংকৰলাল গোৱেংকাৰ দ্বাৰা প্রযোজিত ইউদুহ( IEWDUH (Market) খাছী চলচ্চিত্ৰখন প্রদর্শন কৰা হ’ব। এই চলচ্চিত্ৰখনে ৬৭সংখ্যক জাতীয় চলচ্চিত্র বঁটাত শ্রেষ্ঠ শব্দ গ্ৰহণৰ ৰাষ্ট্ৰীয় আৰু শ্ৰেষ্ঠ খাচী চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ২৪সংখ্যক বুছান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত সন্মানীয় কিম জি চিঅ'ক বঁটাৰে সন্মানিত হৈছিল।এই মহোৎসৱত জাৰ্মানী,টিউনিচিয়া, ইৰাণ, চিংগাপুৰ,নেপাল, বাংলাদেশ লগতে মালায়ালম, বাংলা, উৰিয়া, অসমীয়া ভাষাৰ মুঠ ১৮ চলচিত্ৰ প্ৰদর্শন কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে চলচ্চিত্ৰ আৰু নাটকৰ বিশিষ্ট শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্য্যক আমন্ত্ৰণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত অনুষ্ঠিত কৰা হ'ব।প্ৰতিদিনে তিনিটাকে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে (১২:১৫, ৩.৩০ আৰু ৬:০০ বজাত) যদিও শনি আৰু দেওবাৰে ৪টা প্রদর্শনী হ'ব (১১.৩০, ২, ৪ আৰু ৬বজাত)। ১৪ সংখ্যক চলচ্চিত্ৰৰ লগত সংগতি ৰাখি ক্লাবৰ বছৰেকীয়া মুখপত্র 'চিত্ৰ চিন্তা' প্ৰকাশ কৰা হ'ব।

আন বছৰৰ দৰে এই মহোৎসৱত ষষ্ঠবাৰৰ বাবে চুটি চলচ্চিত্ৰৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। লগতে অ-প্রতিযোগিতামূলক শাখাত আন্তঃৰাষ্ট্ৰীয় পর্যায়ত শ্রেষ্ঠ সাতখন চুটি চলচ্চিত্ৰৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ সামৰণিৰ দিনা অর্থাৎ ৩ মার্চত চুটি চলচ্চিত্র প্রতিযোগিতাৰ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হ'ব। মহোৎসৱৰ ৭ দিনৰ বাবে গেষ্ট কুপন দিয়া হ'ব। এই মহোৎসৱত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ।' সংবাদ মেলত ক্লাবৰ কাৰ্যবাহী সদস্য প্ৰিয়ব্ৰত লহকৰৰ লগতে ক্লাৱৰ বহু সংখ্যক সদস্য উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here