গুৱাহাটী পৌৰ নিগমৰ সভা কক্ষত জাবৰ নিষ্কাষণৰ সন্দৰ্ভত আলোচনা সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 February 2022

গুৱাহাটী পৌৰ নিগমৰ সভা কক্ষত জাবৰ নিষ্কাষণৰ সন্দৰ্ভত আলোচনা সভা

 






W7s news ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটী পৌৰ নিগমৰ সভা কক্ষত সোমবাৰে পশ্চিম গুৱাহাটী  বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা তথা বৃহত্তৰ বেলৰতল পামহি এলেকাৰ ৰাইজৰ প্রতিনিধিৰ লগত গুৱাহাটী পৌৰ নিগমৰ কর্তৃপক্ষৰ মাজত গুৱাহাটীৰ জাবৰ নিষ্কাষণৰ সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত হয়। এই সভাভ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শর্মাই গুৱাহাটীৰ জাবৰ নিষ্কাষণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে বিজ্ঞান সম্মতভাবে হাতত নবলৈ লোৱা প্ৰকল্পৰ সন্দৰ্ভত 'পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন' যোগে বিষদ বিৱৰণ আগবঢ়ায়। সম্পূর্ণ জাবৰ নিষ্কাষণৰ লগত জড়িত প্ৰাথমিক পৰ্য্যায়ৰ জাবৰ সংগ্ৰহৰপৰা জাবৰ পৃথকিকৰণ আৰু শেষৰ পৰ্য্যায়ত ঊর্যা আৰোহণলৈকে যি প্রকল্প বিজ্ঞান সন্মতভাবে লোৱা হৈছে, ভাৰ সবিশেষ বিৱৰণ আগবঢ়ায়।

 সভাত বিধায়ক কলিতাই উপৰোক্ত হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰ্যায়ত হাতত লোৱাৰ পোষকতা কৰে। সভাত উপস্থিত বিধায়কৰ লগতে ৰাইজে পৌৰ নিগমে হাতত লোৱা প্রকল্পসমূহৰ উপৰত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পৌৰ নিগমলৈ এই ক্ষেত্রত সম্পূর্ণ সহায় সহযোগিতা আগবঢ়াৰ বুলি ব্যক্ত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here