খিলঞ্জীয়া জনজাতীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম কৰাৰ সিদ্ধান্ত : অসম চৰকাৰলৈ “ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসম ” ( ইটছা ) ৰ ধন্যবাদ আৰু কৃতজ্ঞতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 February 2022

খিলঞ্জীয়া জনজাতীয় ভাষাসমূহক শিক্ষাৰ মাধ্যম কৰাৰ সিদ্ধান্ত : অসম চৰকাৰলৈ “ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসম ” ( ইটছা ) ৰ ধন্যবাদ আৰু কৃতজ্ঞতা

  





W7s news ষ্টাফৰিপোৰ্টাৰ: অসম চৰকাৰৰ  শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মন্ত্ৰী  ডাঃ ৰনোজ পেণ্ড , খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসম আৰু অসমৰ শিক্ষা বিভাগৰ উচ্চ বিষয়াবৰ্গৰ সৈতে এক আলোচনা সোমবাৰে অনুষ্ঠিত হয় । আলোচনাত ভাৰতীয় সংবিধানৰ ৩৫০ ( ক ) আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি , ২০২০ ৰ মৰ্মে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনজাতীয় ভাষাক শিক্ষাৰ মান্যতা তথা মাধ্যম হিচাবে স্বীকৃতি দিয়াৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে । সেই মর্মে মিচিং , ৰাভা , তিৱা , আৰু দেউৰী ভাষাক পঞ্চম শ্ৰেণীলৈ , কাৰ্বি ভাষাক অষ্টম শ্রেণীলৈ , বড়ো আৰু গাৰো ভাষাক দ্বাদশ শ্ৰেণীলৈ নীতিগতভাবে শিক্ষাৰ মাধ্যম আৰু ডিমাছা ভাষাক বিষয় ভাষা হিচাবে প্ৰৱৰ্ত্তন কৰাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে প্রয়োজনীয় পাঠ্যপুথি , শিক্ষণ - শিকন সামগ্রী প্রস্তুত কৰাৰ বাবে এছ.চি.ই.আৰ.টি.ক যাৱতীয় প্রস্তুতি গ্ৰহণ কৰিবলৈ দায়িত্ব প্রদান কৰা হয় লগতে প্ৰতিটো সাহিত্য সভাসমূহক নিজ নিজ ভাষাৰ মাধ্যম প্ৰৱৰ্ত্তন কৰিব লগা বিদ্যালয় সমূহৰ তালিকা বিভাগীয় সঞ্চালকক দাখিল কৰিবলৈ আহ্বান জনায় । ইয়াৰোপৰি আলোচনাত অসম ভাষা গৌৰৱ আচনিৰ সাহিত্য সভাসমূহে পাবলৈ আবন্টিত ধনৰ বাকী থকা ৪০ শতাংশ ধন মোকলাই দিয়া , ইতিমধ্যে কপাচ ফাণ্ডত জমা হৈ থকা পুঁজিৰ সুৰ ধন সহজ পদ্ধতিৰে লেনদেন কৰাৰ সু - ব্যৱস্থা কৰা , খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসমৰ ১১ টা ভাষাৰ বহুভাষিক অভিধান প্ৰকাশ কৰাৰ বাবে ভাষা গৌৰৱ আচনিৰ ৩.০০ ( তিনি ) কোটি টকা মোকলাই দিয়া , ভাষা গৌৰৱ আচনিৰ জৰিয়তে মিচিং , কাৰ্বি , ৰাভা , তিৱা , দেউৰী , গাৰো আৰু ডিমাছা ভাষাৰ ৫০ জন লেখক - লেখিকাসকলক ৫০ ( পঞ্চাছ ) হাজাৰ টকাকৈ সংশ্লিষ্ট সাহিত্য সভাসমূহৰ তালিকা ভিত্তিত প্ৰদান কৰাৰ ব্যৱস্থা কৰা আদি সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে , ২০২১ বৰ্ষত মোকলাই দিয়া উক্ত ভাষা গৌৰৱ আচনিৰ লেখক - লেখিকাসকলক প্ৰদান কৰা ৫০ ( পঞ্চাছ ) হাজাৰ টকা আর্থিক অনুদান প্রথম কিস্তিত অকল বড়ো আৰু অসমীয়া ভাষাৰ লেখক - লেখিকাসকলকহে প্ৰদান কৰা হৈছিল । সেয়েহে বঞ্চিত হোৱা খিলঞ্জীয়া জনজাতীয় ভাষাসূহৰ লেখক - লেখিকাসকলক এককালীন আর্থিক উদগনিমলুক বঁটা প্ৰদান কৰাৰ বাবে অসম চৰকাৰক দাবী জনাই আহিছিল । এই আলোচনা এক সৌহার্দ্যপূর্ণ আৰু খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসমৰ বাবে ঐতিহাসিক আছিল । কিয়নো , ভাৰত স্বাধীনতা হোৱা ৭৫ বছৰ পিছত ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০ জৰিয়তে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনজাতীয় ভাষাই শিক্ষাৰ মাধ্যম হিচাবে স্বীকৃতি পাবলৈ সক্ষম হ’ল । তাৰ বাবে ভাৰতৰ  প্রধানমন্ত্ৰী  নৰেন্দ্ৰ মোডী , অসমৰ  মুখ্যমন্ত্রী ড ০ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ  শিক্ষা , ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মন্ত্ৰী ডাঃ ৰনোজ পেণ্ডক খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা , অসম ( ইটছা ) ৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । উক্ত আলোচনাত ‘ ইটছা'ৰ তথা মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইড , উপ - সভাপতি ডাঃ মহন্ত কুমাৰ লাংথাছা , সম্পাদক প্রধান তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ - সভাপতি , প্রাক্তন সাধাৰণ সম্পাদক কমলাকান্ত মোছাহাৰী , সম্পাদক তথা তিৱা সাহিত্য সভাৰ যুটীয়া সম্পাদক যোগেশ্বৰ বৰদলৈ , সম্পাদক তথা মিচিং সাহিত্য সভাৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ দলে , বিত্ত সম্পাদক তথা নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা , ৰাভা সাহিত্য সভাৰ আলোচনী সম্পাদক সন্দেশ বাকছাকা , কাৰ্য্যালয় সম্পাদক দণ্ডেসিং ৰাভা , তিৱা সাহিত্য সভাৰ সভাপতি লালসিং মাদাৰ , উপ - সভাপতি শৰৎ পাটৰ , সহ - কাৰী সম্পাদক জনার্দন পাটৰ , ডিমাছা সাহিত্য সভাৰ সভাপতি ৰমেশ থাওছেন , দেউৰী সাহিত্য সভাৰ সভাপতি ফিজো কুমাৰ দেউৰী , সাধাৰণ সম্পাদক কিৰণবন দেউৰী , উপ - সভাপতি অৱন দেউৰী , গাৰো সাহিত্য সভাৰ সভাপতি সৰোজ চাংমা , সম্পাদক জন কেৰি চাংমা , যুটীয়া সম্পাদক চেনঞ্জীষ্টাৰ চাংমা , কাৰ্বি সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি হুকুৰসিং ৰংপি , সাধাৰণ সম্পদক লীলাধৰ ট্ৰেৰণ , মিচিং সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি হৰিনাৰায়ণ পেগু , প্রাক্তন সম্পাদক কালিনাথ পাংগিং উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here