ৰামকৃষ্ণ মিছনৰ ১১২ সংখ্যক বার্ষিক সাধাৰণ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 February 2022

ৰামকৃষ্ণ মিছনৰ ১১২ সংখ্যক বার্ষিক সাধাৰণ সভা

 



W7s News ষ্টাফৰিপোৰ্টাৰ : ৰামকৃষ্ণ মঠ আৰু ৰামকৃষ্ণ মিছনৰ প্ৰধান কাৰ্য্যালয় বেলুড় মঠ, কলকাতাত দেওবাৰে সংস্থাৰ ১১২ সংখ্যক বার্ষিক সাধাৰণ সভাখন অনুষ্ঠিত হয়। এই সম্পৰ্কে সাধাৰণ সম্পাদক স্বামী সুধিৰানন্দ মহাৰাজে এক প্ৰেছ বিজ্ঞপ্তি যোগে কয় 'বিত্তীয় বর্ষ ২০২০-২১ চনৰ সময় চোৱাত ৰামকৃষ্ণ মিছনে বিভিন্ন দিশত লাভ কৰা সাফল্য আৰু সমগ্ৰ দেশজুৰি সফলতাৰে আগবঢ়োৱা সেৱাকাৰ্য আৰু ত্ৰাণকাৰ্য সমূহৰ এক খতিয়ান এই সাধাৰণ সভাত উত্থাপন কৰা হয়। সেই অনুসৰি শিক্ষাক্ষেত্র আৰু দেশৰ বিভিন্ন ঠাইত অৱস্থিত মুঠ ৫৩৯ খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ মাধ্যমেৰে ৰামকৃষ্ণ মিছনে ২,৩১,৪৬৮ গৰাকী ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ ৪৫১.৭৮ কোটি টকা ব্যয় সাপেক্ষে শিক্ষা সেৱা আগবঢ়ায়। ৰামকৃষ্ণ মিছনৰ অন্তৰ্গত ১৪ খন চিকিৎসালয়, ১২৩ খন প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু ৪৪ খন ভ্রাম্যমান চিকিৎসা বাহন ইত্যাদিৰ যোগেদি মুঠ ২৬২.১১ কোটি টকা ব্যয় কৰি ৩২ লক্ষাধিক ৰোগীক সেৱা আগবঢ়ায়।দেশৰ ২৭ খন ৰাজ্য আৰু কেন্দ্ৰ শাসিত ৰাজ্যত অবস্থিত ৰামকৃষ্ণ মিছনৰ মুঠ ১২৭টা শাখাকেন্দ্র যোগে ৪লাখ ৫১ হাজাৰ পৰিয়াললৈ ক'ভিড মহামাৰী প্ৰতিষেধক সেৱা আগবঢ়ায়। প্রায় ৩৩.১১ লাখ মানুহ উপকৃত হোৱা এই কাৰ্যত ৰামকৃষ্ণ মিছনে মুঠ ৩৪.২০ কোটি টকা ব্যয় কৰে। গ্রাম্য অঞ্চলত জনজাতীয় মানুহৰ সেৱা : গ্ৰাম্য জনজাতীয় সেৱা শিতানত ৰামকৃষ্ণ মিছনে মুঠ ৭১.৬২ কোটি টকা ব্যয় সাপেক্ষে ৩৩.৯৫ লাখ দুখীয়া পিছপৰা জনজাতীয় মানুহৰ মাজত সাস্থ্য, শিক্ষা তথা সাধাৰণ উন্নয়ন মুলক সেৱা আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here