'
W7s News ষ্টাফৰিপোৰ্টাৰ: দৰিদ্ৰ নাৰায়ণ সেৱা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ সহযোগত আগন্তুক বছৰত গুৱাহাটীত নিৰ্মাণ হ’ব পুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে দুটা অতিথিশালা। এই অতিথিশালাৰ বাবে গুৱাহাটী মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতি অতিথিশালাৰ বাবে ৪ কঠাকৈ মুঠ ৮ কঠা ভূমি আবণ্টনৰ প্ৰক্ৰিয়া চলি আছে। অতিথিশালা দুটা দৰিদ্ৰ নাৰায়ণ সেৱা সমিতি আৰু অসম চৰকাৰৰ যৌথ প্রচেষ্টাত নির্মাণ হ'ব। বিভিন্ন কামৰ বাবে বিশেষকৈ শিক্ষা, চিকিৎসাসেৱা আৰু বাচনি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ অহা আৰু গুৱাহাটীত হোটেল ব্যয় বহন কৰাৰ বাবে অপাৰগ লোক সকল ইয়াৰ দ্বাৰা উপকৃত হ'ব। গুৱাহাটীত দেওবাৰে অনুষ্ঠিত দৰিদ্ৰ নাৰায়ণ সেৱা সমিতিৰ বার্ষিক সাধাৰণ সভাত বিগত তিনিটা বছৰত সম্পাদন কৰা সমিতিৰ বিভিন্ন কাৰ্যসমূহ যেনে ২০১৯ বৰ্ষত বিনামূলীয়া চিকিৎসা শিবিৰ, দুখীয়া লোকক আর্থিক সাহায্য, ২০২০ বৰ্ষত ক'ভিড, লকডাউনত দুখীয়া লোকক খাদ্য সামগ্রী বিতৰণ, বানপীড়িত চন্দ্ৰপুৰ আৰু কুৰুৱা আদি অঞ্চলত খাদ্য-সামগ্রীও আঠুৱা কম্বল বিতৰণ কৰা আদি কাৰ্যসমূহৰ খতিয়ান দাঙি ধৰা হয়। এই সভাতে আগন্তুক বৰ্ষত উপৰোক্ত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বাস্তৱায়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
No comments:
Post a Comment