W7s News ষ্টাফৰিপোৰ্টাৰ: গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা ২০২১-২২। অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ সহযোগত অনুষ্ঠিত মেলাখন উদ্বোধন কৰে অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ অধ্যক্ষ অশোক কুমাৰ সিংঘিয়ে। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্জলন কৰে অসম চৰকাৰৰ বেচা- কিনা নিগম লিমিটেডৰ অধ্যক্ষ অশোক কুমাৰ সিংঘি আৰু উপাধক্ষ্য বিতোপন ৰাইদিহিঙীয়াই। নিগমৰ উপ-মহাপ্ৰবন্ধক ধীৰাজ শৰ্মাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত উদ্বোধনী ভাষণত অসম চৰকাৰৰ বেচা-কিনা নিগম লিমিটেডৰ অধ্যক্ষ অশোক কুমাৰ সিংঘিয়ে কয় ' অসমীয়া সংস্কৃতি আগবঢ়াই নিয়াৰ বাবে আমি দায়বদ্ধ। আমি ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই গৈ আত্মসহায়ক গোট,শিপিনী সকলৰ সৈতে আলোচনা কৰি তেওঁলোকৰ উৎপাদিত সামগ্রী সমূহক এখন বজাৰ দিয়াৰ প্ৰয়াস কৰিম। বাহিৰাগত সামগ্ৰীৰে যাতে আমি মেলাৰ আয়োজন নকৰোঁ তাৰ প্ৰতি আমি সচেতন হ'ব লাগিব। বাহিৰৰ পৰা অহা কাপোৰ বিশেষকৈ গামোছাই যাতে অসমৰ বজাৰ দখল কৰিব নোৱাৰে তাৰবাবে চৰকাৰে আমাক ৮০ কোটি টকা দিছে । গতিকে আমি আমাৰ থলুৱা শিপীনী, বোৱানী সকলক আগবঢ়াই নিব লাগিব।' অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ উপ-সঞ্চালক বিপুল কলিতা, সমাজকর্মী জিতু কিষাণ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত শলাগৰ শৰাই আগবঢ়াই নিগমৰ উপ-মহা প্ৰবন্ধক জ্ঞানেন্দ্ৰ কুমাৰ কলিতাই। উল্লেখ্য, ৬ মাৰ্চলৈ চলিব লগীয়া এই মেলাখনত ৰাজ্যৰ মুঠ ৬০ খন বিপনীয়ে অংশগ্ৰহণ কৰিছে।
No comments:
Post a Comment