W7s news ষ্টাফৰিপোৰ্টাৰ: :শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰসহ সমূহ গুণমুগ্ধক অসীম শোক সাগৰত থৈ সকলোৰে শ্ৰদ্ধাৰ গৌতম শৰ্মাৰ ১১ ফেব্ৰুৱাৰীত মৃত্যু হয়। সোমবাৰে তেওঁৰ মৃত্যুৰ ১১ দিনত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব, উপ-সভাপতি প্ৰমুখ্যে সমূহ কৰ্মচাৰীৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুস্থানত পুৱাৰ ভাগত নিত্যানন্দা গোস্বামী আৰু বনজিত পাঠকে প্ৰাৰ্থনা আৰু ভাগৱত পাঠ কৰে। তাৰ পাছতেই কলাক্ষেত্ৰৰ বাগ্মিবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি জিতুল সোণোৱালৰ সভাপতিত্বত স্মৃতিচাৰণ সভাখন অনুষ্ঠিত হয়।সভাত কলাক্ষেত্ৰৰ প্ৰাক্তন উপসভাপতি, পদ্মশ্ৰী ড° সূৰ্য্য হাজৰিকাই শোক প্ৰকাশ কৰে। অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ শৰ্মাই বিষ্ণু প্ৰাৰ্থনা আৰু শান্তি মন্ত্ৰৰে শ্ৰদ্ধাঞ্জলি জনায়। ড°ভূপেন হাজৰিকা ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই কয় যে কিদৰে প্ৰয়াত গৌতম শৰ্মাই শিল্পীসকলক আকুণ্ঠ সহায় কৰিছিল। প্ৰাক্তন সাংসদ ড° অৰুণ শৰ্মাই কয় 'সতীৰ্থ ৰূপে যথেষ্ঠ বুদ্ধি দিপ্ততাৰে নিত্য নতুন পৰিকল্পনাৰ মাজেৰে কলাক্ষেত্ৰক তেওঁৰ কাৰ্যকালত আগবঢ়াই নিছিল। বিশিষ্ট বিষয়া জয়ন্ত শৰ্মাই তেওঁৰ আধৰুৱা পৰিকল্পনা আগুৱাই নিয়াৰ বিষয়ে কলাক্ষেত্ৰ কতৃপক্ষক টানি অনুৰোধ কৰে। আনহাতে বিশিষ্ট নাট্যকাৰ- শিল্পী ৰনজিত সূত্ৰধৰে তেওঁৰ কৰ্মদক্ষতা আৰু তাৰ মাজেৰে কিদৰে লাচিত বৰফুকন নাট উপস্থাপনৰ বিষয়ে কয়, লগতে তেওঁৰ জীৱনৰ শেষ সময়চোৱাৰ মৰ্মবেদনাৰ কথা কৈ শোক প্ৰকাশ কৰে। অৱসৰপ্ৰাপ্ত প্ৰশাসক ৰাজীব বৰুৱাই বন্ধু ৰূপে তেওঁৰ দক্ষ প্ৰশাসন আৰু জীৱনৰ বহুতো ঘটনা জনায়।
No comments:
Post a Comment