প্রবীণ গান্ধীবাদী নেত্রী পদ্মশ্রী শকুন্তলা চৌধাৰীৰ শেষ কৃত্য সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 February 2022

প্রবীণ গান্ধীবাদী নেত্রী পদ্মশ্রী শকুন্তলা চৌধাৰীৰ শেষ কৃত্য সম্পন্ন

 



W7s news ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ কস্তুৰবা আশ্ৰমৰ প্ৰতিষ্ঠাপক, গান্ধীবাদী নেত্রী, পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ দেওবাৰে নিশা ১০ বাজি ১০ মিনিটত মৃত্যু হয়। তেওঁ বিগত তিনিদিন ধৰি অসুস্থ হৈ আছিল। বৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা শকুন্তলা চৌধাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল ১০২ বছৰ। প্ৰবীণ গান্ধীবাদী নেতৃগৰাকীৰ জন্ম হৈছিল ১৯২০ চনৰ ২৫ জুনত গুৱাহাটীৰ পাণবজাৰত। নগাঁও আৰু গুৱাহাটীত শিক্ষক হিচাপে কর্মজীৱন আৰম্ভ কৰা চৌধাৰী গান্ধীবাদী নেত্রী অমলপ্ৰভা দাসৰ সংস্পৰ্শলৈ আহে আৰু তেতিয়াৰ পৰা সমাজসেৱা তথা মহিলাৰ কল্যাণমূলক কামত ওতঃপ্রোতভাবে জড়িত হৈ পৰে। ১৯৪৭ চনত তেওঁ স্বগৃহ এৰি কস্তুৰবা আশ্ৰমত যোগদান কৰে আৰু পৰৱৰ্তী সময়চোৱা গান্ধীৰ আদৰ্শৰে কস্তুৰবা আশ্রমতে থাকিবলৈ লয়।১৯৫০ চনৰ ভূমিকম্পত দুর্গতসকলক উদ্ধাৰৰ ক্ষেত্ৰত ন্যাসে শকুন্তলা চৌধাৰীয়ে অভাবনীয়ভাবে অৰিহণা যোগাইছিল। ১৯৬১ চনত তেওঁ বিনোৱা ভাবেৰ পদযাত্রাতো অংশ লৈছিল আৰু বিনোৱা ভাৱেৰ হিন্দীৰ ভাষণ অসমীয়ালৈ অনুবাদ কৰি অসমবাসীক উপহাৰ দিছিল। বিভিন্ন সন্মানজনক বঁটাৰে বিভূষিত শকুন্তলা চৌধাৰীয়ে অসমীয়া বিশ্বনগৰী'ৰ ৪৩ বছৰ ধৰি সম্পাদনা কৰিছিল। অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে চলিত বৰ্ষত শকুন্তলা চৌধাৰীলৈ প্ৰদান কৰা হয় পদ্মশ্রী সন্মান। জাতিৰ পিতা মহাত্মা গান্ধী, বিনোবা ভাবে আদি বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰা চৌধুৰী আছিল গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰথম বেটচৰ ছাত্রী। মহাত্মা গান্ধীয়ে ১৯৪৬ চনত চতুর্থ তথা অন্তিমবাৰৰ বাবে অসম ভ্ৰমণলৈ অহাৰ সময়ত গুৱাহাটীত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাসৰ অসম শাখা আৰু গান্ধীবাদী সংস্থা গ্রাম সেৱিকা বিদ্যালয় মুকলি -কৰিছিল। ইয়াৰ অংশৰূপে গুৱাহাটীৰ আজীৱন মহাত্মা গান্ধীৰ আদৰ্শৰে পৰিচালিত দেশৰ প্রবীণ গান্ধীবাদী নেত্রী শকুন্তলা চৌধাৰী জীৱনৰ অধিকাংশ সময় কস্তুৰবা ট্রাষ্টৰ সৈতে জড়িত হৈ আছিল। প্ৰবীণ গান্ধীবাদী নেতৃগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কস্তুৰবা ট্ৰাষ্ট্ৰৰ সেৱিকা, বিশিষ্ট ব্যক্তি সকলে শেষ শ্ৰদ্ধা জনায়। কস্তুৰবা আশ্রমত মন্ত্ৰী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, সাংসদ কুইন ওজা, বিলীন বৰদলৈ, কস্তুৰবা ট্ৰাষ্ট্ৰৰ প্ৰতিনিধি বিউটি দাস, উপ-প্ৰতিনিধি ভানু কটকী, প্ৰাক্তন প্ৰতিনিধি কুসুম বৰা মোকাচি, কৰ্মকতা জীৱেশ্বৰী বড়ো, ৰামকৃষ্ণ দেৱগোস্বামী,অঞ্জুমণি সেনাপতিৰ  লগতে ট্ৰাষ্টৰ সমূহ বিষয় ববীয়া, চৌধাৰীৰ পৰিয়ালৰ লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। শকুন্তলা চৌধাৰীৰ নশ্বৰ দেহ কৌস্তুৰবা আশ্ৰমৰ পৰা সন্দিকৈ কলেজলৈ নিয়া হয় তাত শেষ শ্ৰদ্ধা জনোৱাৰ পাছত তাৰ পৰা পানবজাৰৰ তেওঁৰ বাসগৃহ হৈ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়। নৱগ্ৰহ শ্মশানত চৰকাৰী ব্যবস্থাৰে মন্ত্ৰী ৰনোজ পেগু, কামৰূপ (ম) জিলা উপাযুক্ত পল্লৱ গোপাল ঝা, কস্তুৰবা ট্ৰাষ্টৰ বিষয় ববীয়া আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত চৌধাৰীৰ শেষ কৃত্য সম্পন্ন কৰা হয়। প্ৰবীণ গান্ধীবাদী নেতৃগৰাকীৰ ভতিজাক ভাস্কৰ চৌধাৰী আৰু শ্যামল চৌধাৰীয়ে মুখাগ্নী কৰে। তেওঁৰ মৃত্যুত কস্তুৰবা ট্ৰাষ্টৰ  কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলেও শোক প্ৰকাশ কৰে। প্ৰবীণ গান্ধীবাদী নেতৃগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণজিৎ দাসৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here