ৰাইনো ইলেকট্ৰিকেলছত খুচুৰা বৈদ্যুতিক ব্যৱসায়ীসকলৰ সৈতে বৈঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 February 2022

ৰাইনো ইলেকট্ৰিকেলছত খুচুৰা বৈদ্যুতিক ব্যৱসায়ীসকলৰ সৈতে বৈঠক

 


কোলোৰ্ছ ক্রাফ্ট -কোচমিক চিৰিজ  মুকলি


W7s News, ষ্টাফৰিপোৰ্টাৰ: উত্তৰ-পূবৰ প্ৰথমটো ইলেকট্রিকেলচ এক্সপিৰিয়েঞ্চ চেণ্টাৰ ৰাইনো ইলেকট্রিকেলছত মুকলি কৰা হয় কোলোৰ্ছ কোম্পানীৰ ক্ৰাফ্‌ফ্ট আৰু কোচমিকৰ চিৰিজ। পানবজাৰৰ এমএলএন ৰোডস্থিত ৰাইনো ইলেকট্রিকেলছত অনুষ্ঠিত উক্ত অনুষ্ঠানত এক খুচুৰা ব্যৱসায় সকলৰ এক সন্মিলনৰ আয়োজন কৰা হয় । গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ ৫০ জনতকৈও অধিক বৈদ্যুতিক ব্যবসায়ীয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ৰাইনো ইলেকট্রিকেলছৰ মুৰব্বী গোপাল পছাৰী, মেহুল পছাৰী, কোলোৰ্ছ উত্তৰ-পূবৰ মুৰব্বী প্রভাত চন্দকে আদি কৰি কোম্পানীটোৰ বহু বিষয়া উপস্থিত থাকে অনুষ্ঠানটোত। পছাৰীয়ে কয় যে ৰাইনো ইলেকট্রিকেলছ শ্ব’কমত দেশৰ অন্যতম আগশাৰীৰ বৈদ্যুতিক কোম্পানী কোলোৰ্ছে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰৰ বাবে নতুন চিবিজ কোলোৰ্ছ ক্রাফট্ আৰু কোছমিক চিৰিজ মুকলি কৰা হয়। তেওঁ কয় যে কোলোৰ্ছৰ ক্ৰাফ্‌ফ্ট আৰু কোছমিক চিৰিজ, বিশেষকৈ চকেট, প্লেট, ফেন বেগুলেটকে ধৰি বিভিন্ন ধৰণৰ চুইচ বিভিন্ন ৰং, ডিজাইন আৰু সুলভ মূল্যত উপলব্ধ, যিবোৰ গ্ৰাহকে তেওঁলোকৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব। কোলোছ কোম্পানীৰ হৈ চান্দকে কয় যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলৰ চাহিদাৰ কথা মনত ৰাখি কোম্পানীটোৱে বজাৰত ক্রাফট আৰু কোছমিক চিৰিজৰ সামগ্ৰী মুকলি কৰা হৈছে। গ্ৰাহকসকলে তেওঁলোকৰ সপোনৰ ঘৰ, কাৰ্যালয় আৰু অন্যান্য ঠাই সজাবলৈ কোলোৰ্ছৰ বিভিন্ন সামগ্রী ক্ৰয় কৰিব পাৰিব। খুচুৰা বৈদ্যুতিক ব্যৱসায়ীসকলক পছাৰীয়ে আজি আয়োজিত ৰিটেইলাৰ মিটত কোলোৰ্ছ কোম্পানীৰ সামগ্ৰীৰ মানদণ্ড আৰু অন্যান্য তথ্যৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে কয় যে খুচুৰা বিক্রেতাসকলৰ বাবে ৰোমাঞ্চকৰ অফাৰ/আঁচনিও মুকলি কৰা হৈছে। তেওঁ কয় যে ৰাইনো ইলেকট্রিকেলচ হৈছে উত্তৰ-পূবৰ প্ৰথম অভিজ্ঞতা কেন্দ্ৰ য'ত কোলোৰ্ছ কোম্পানীৰ সকলো সামগ্রী সুলভ মূল্যত বিভিন্ন পৰিসৰত আৰু বিভিন্ন ধৰণে উপলব্ধ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here