বিবেকানন্দ কেন্দ্ৰত স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান
W7s News ষ্টাফৰিপোৰ্টাৰ:
অসমৰ নাট্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক (২০২২ চনৰ বাবে) স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা বুধবাৰে প্ৰদান কৰা হয়। গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসে বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক ২০২২ চনৰ বাবে স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰদান কৰে। এই বঁটাত আছে এখন ফুলাম গামোছা, এখন চেলেং চাদৰ, এথোপা ফুল, এটা স্মাৰক, এটা এড়ি জেকেট আৰু নগদ ২৫ হাজাৰ টকা। বঁটা প্ৰদান কৰি বিশিষ্ট অভিনেত্ৰী চেতনা দাসে কয় ' অমূল্য কাকতী সৃষ্টিশীল মনৰ নীৰৱ শিল্পী আছিল। তেওঁ আত্মগৌৰবী নাছিল। এইজন নীৰৱ শিল্পীৰ কৰ্মৰাজিৰ বিষয়ে নতুন প্ৰজন্মই জানিবলৈ চেষ্টা কৰা উচিত। স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰাপক জিতেন্দ্ৰ নাথ বৰা এজন নীৰৱ শিল্পী। এই বঁটা লাভ কৰা বাবে বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক অভিনন্দন জনালোঁ। নীৰৱ শিল্পী, সাহিত্যিক সকলক
সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে এনেদৰে সন্মান আগবঢ়োৱা প্ৰচেষ্টাক শলাগ লৈছোঁ।'
স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা গ্ৰহণ কৰি বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাই কয় ' মই নাঙল, বোকাৰ সৈতে সংপৃক্ত হৈ থাকোঁ। তাৰমাজতে সন্ধিয়া নাটকৰ আখাৰা কৰোঁ।
ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে নীৰৱ শিল্প সাহিত্যৰ নীৰৱ সাধক সকলক এনেদৰে বিচাৰি আনি বঁটা প্ৰদান কৰা বাবে কৌটি কৌটি নমস্কাৰ জনালোঁ। প্ৰয়াত স্বভাৱ শিল্পী অমূল্য কাকতী মহান সমাজ সেৱক আছিল। সাধাৰণভাৱে থকা আৰু উচ্চ চিন্তা কৰা ধাৰণাত তেওঁ বিশ্বাসী আছিল। তেওঁ মাত্ৰ চাৰি হাজাৰ টকাৰ শিল্পী সাহাৰ্য লাভ কৰিছিল। গতিকে তেওঁৰ পৰিয়ালটো যাতে ভালদৰে চলিব পাৰে তাৰবাবে সকলোৱে গুৰুত্ব দিয়া উচিত।'তেওঁ লগতে নিজৰ জীৱন সংগ্ৰামৰ কাহিনী চমুকৈ কয়। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় 'প্ৰয়াত অমূল্য কাকতীয়ে আমাক মানুহৰ জীৱন ধাৰা শিকাই থৈ গ'ল। তেওঁ আমাক সদায় অসমৰ মানুহৰ বাবে ভাল কাম কৰি যাবলৈ কৈছিল। ছাত্র সন্থাৰ বাবে ভাল কাম কৰাৰ শিক্ষা দিছিল। তেওঁৰ চিন্তা-ধাৰা, প্ৰতিটো কথাই হৃদয়ত জীপাল কৰি ৰাখিম। তদুপৰি টকাৰ অভাৱত যাতে কোনো শিক্ষার্থী শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰবাবে আমি জলপাণি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ জলপাণি গ্ৰহণ কৰি কেইবাজনো চিকিৎসক, অভিযন্তা আমি পাবলৈ সক্ষম হোৱাৰ পথত। চৰকাৰে এমেচাৰ নাটকক উদ্ গনি দিবলৈ বিশেষ পুঁজিৰ ব্যবস্থা কৰিব লাগে।' অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয় 'সমাজখনৰ শিল্পী-সাহিত্যৰ নীৰব সাধক সকলৰ বাবে ন্যাসে অনাগত সময়ত কাম কৰি যাব। প্ৰয়াত অমূল্য কাকতীৰ সান্নিধ্য লাভ কৰা নাছিলোঁ যদিও তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। তেওঁৰ কৰ্মৰাজিক জীয়াই ৰখাৰ বাবে ন্যাসৰ প্ৰয়াস অব্যাহত থাকিব। তদুপৰি নাট্য জগতৰ এজন নীৰৱ সাধকক আজি বঁটা প্ৰদান কৰা হৈছে। বঁটা প্ৰাপক জিতেন্দ্ৰ নাথ বৰালৈ অভিনন্দন জনালোঁ। তেওঁৰ কৰ্মৰাজিয়ে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি আছে।'ছাত্র শিল্পী সাহিত্যিক কল্যাণ ন্যাসৰ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভাই আঁতধৰা অনুষ্ঠানৰ আদৰণি ভাষণত। বিশিষ্ট ভাস্কৰ, ছাত্র শিল্পী সাহিত্যিক কল্যাণ ন্যাসৰ
সভাপতি বীৰেন সিংহই কয় 'নীৰৱ শিল্পী সকলে জীৱনটোক অস্থিৰ কৰা সপোনবোৰ জমা কৰি ৰাখে,তেওঁলোকৰ সমাজৰ বাবে কিবা এটা কৰাৰ হাবিয়াস থাকে। তেওঁলোকে সমাজৰ বাবে কিবা এটা পৰিবৰ্তন কৰি আহিছে আমি তেওঁলোকক লৈ গৌৰৱ অনুভৱ কৰোঁ। প্ৰয়াত অমূল্য কাকতীৰ সমাজখনক বহু দিব পৰা প্ৰতিভা আছিল। আমি তেওঁক সোনকালে হেৰুৱালোঁ। লগতে নিৰবিচ্ছিন্নভাৱে শিল্পীৰ সাধনা কৰা আজিৰ বঁটা প্ৰাপকক অভিনন্দন জনোৱাৰ লগতে সু-স্বাস্থ্য কামনা কৰিলোঁ।' অনুষ্ঠানৰ আৰম্ভণিতে বৰগীত পৰিবেশন কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষাৰ্থী শ্ৰুতিস্মিতা শৰ্মাই। আনহাতে স্বভাৱ শিল্পী অমূল্য কাকতীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে তেওঁৰ কন্যা তনভি কাকতী য়ে। উপস্থিত বিশিষ্ট ব্যক্তি সকলে স্বভাৱ শিল্পী জনালৈ শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য, অসমীয়া কৃষ্টি সংস্কৃতিলৈ অনবদ্য অবদান আগবঢ়াই যি সকলে কৃষ্টিৰ পথাৰখন উর্বৰ কৰিলে তেওঁলোকৰ কৰ্মক সন্মান আৰু শ্ৰদ্ধা জনাবলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে ২০০৭ চনৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰি আহিছে। বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অভিনেতা উপকূল বৰদলৈ, বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment