ভবেন্দ্র নাথ শইকীয়া শিশু কল্যান ন্যাসে ২০২১ বৰ্ষৰ ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী বঁটা লেখিকা শর্মিষ্ঠা প্রীতমলৈ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 9 February 2022

ভবেন্দ্র নাথ শইকীয়া শিশু কল্যান ন্যাসে ২০২১ বৰ্ষৰ ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী বঁটা লেখিকা শর্মিষ্ঠা প্রীতমলৈ

 



W7s News ষ্টাফৰিপোৰ্টাৰ: 

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯০ সংখ্যক ওপজা দিন উপলক্ষে ভবেন্দ্র নাথ শইকীয়া শিশু কল্যান ন্যাসে ২০২১ বৰ্ষৰ ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰিব লেখিকা শর্মিষ্ঠা প্রীতমক। জীৱনত কঠিন প্রত্যাহ্বানকো নেওচি অবিৰত সাহিত্য চৰ্চাৰ যোগেদি পাঠকৰ হৃদয়ত বিশেষ ঠাঁই অধিকাৰ কৰিবলৈ সক্ষম হোৱা শর্মিষ্ঠা প্রীতমক এই বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, গামোচা, মান-পত্র, স্মাৰক, কিতাপৰ টোপোলা। আগন্তুক ২০ ফেব্ৰুৱাৰীত সন্ধিয়া ৫-৩০ বজাত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'ব লগীয়া  অনুষ্ঠানত শৰ্মিষ্ঠা প্রীতমক এই বঁটা প্ৰদান কৰা হ'ব। এই বছৰ আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ১৯ আৰু ২০ ফেব্রুৱাৰীত গুৱাহাটীৰ ৰবীন্দ্ৰ  ভৱনত ড০ ভবেন্দ্র নাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ, ২০২২ আৰু ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বটাঁ প্রদান অনুষ্ঠান, ২০২১ ৰ আয়োজন কৰা হৈছে।এই বঁটা প্রদান অনুষ্ঠানত ভাগ ল'ব লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয়কোঠ বিষয়া উৎপল বাদল বৰুৱা, গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত, কবি, অভিনেতা পার্থ সাৰথি মহন্ত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড০ দেৱজিত খনিকৰে।ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি ন্যাসৰ তৰফৰ পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত নবীন্দ্র ভৱনত ১৯ আৰু ২০ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ নাট সমাৰোহৰো আয়োজন কৰা হৈছে। ১৯ বোৰীৰ সন্ধিয়া ৫-৩০ বজাত PARDAM TRUST নিবেদন ড° ভবেন্দ্র নাথ শইকীয়াৰ উপন্যাস অন্তৰীপন আধাৰত 'বাৰ্ণ আউট, নাট্যৰূপ আৰু পৰিচালনা- বর্ণালী মেধিৰ আৰু সন্ধিয়া ৬-৩০ বজাত WINDSONGS নিবেদন বগা ডাৱবৰ নাও, নাট্যকাৰ, পৰিচালনা- কৌশিক নাথৰ। ২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া বঁটা প্রদান অনুষ্ঠানৰ পাছতে ৬-৩০ বজাত ইনলি ফাউণ্ডেচনে মধ্যস্থ কৰিব ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ 'অৱৰোধ'। পৰিচালনা - বিপ্লব বৰকাকতীৰ।১৯ ফেব্ৰুৱাৰীত নাটা সন্ধিয়া উদ্বোধন কৰিব অসম চৰকাৰৰ গৃহ, ৰাজনৈতিক পৰিক্রমা, তথ্য আৰু জন সংযোগ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই। ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণি নাট সমাৰোহ তথা বঁটা প্রদান অনুষ্ঠানৰ দুয়োটা দিনৰ কাৰ্যসূচীতে সুধীসমাজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে মুখ্য ন্যাসৰক্ষী প্রীতি শইকীয়া আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ড০ দে


বজিৎ খনিকৰ লগতে ন্যাসৰক্ষী তথা সচিব মলয়া গোস্বামী, ন্যাসৰক্ষী ক্রমে গোপাল জালান আৰু ইন্দ্রজিৎ দাসে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here