গুৱাহাটীত টাটা ছাফাৰিৰ ডার্ক সংস্কৰণ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 9 February 2022

গুৱাহাটীত টাটা ছাফাৰিৰ ডার্ক সংস্কৰণ মুকলি

 




W7s News ষ্টাফৰিপোৰ্টাৰ : ভাৰতৰ অন্যতম আগশাৰীৰ বাহন নির্মাতা কোম্পানী টাটা মটৰ্ছে বুধবাৰে বিমল কাৰৰ গুৱাহাটিস্থ সৰুসজাই বিমল কাৰ শ্ব'ৰূমত টাটা ছাফাৰি ডার্ক সংস্কৰণ মুকলি কৰা হয়। বুধবাৰে বাহনখনৰ ডার্ক সংস্কৰণটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে টাটা মটৰ্চৰ আঞ্চলিক প্রবন্ধক সৌমেন পল, বিমল কাৰৰ মেনেজিং ডাইৰেক্টৰ বিমল সৌৰাওগী, টাটা মটৰ্ছৰ চিনিঅৰ মেনেজাৰ অভিক দাস আৰু বিমল কাৰৰ জিএম দীপাংকৰ দাস। এই ডার্ক সংস্কৰণটো এতিয়া দেশজুৰি টাটাৰ প্ৰতিটো ডিলাৰশ্বিপতে উপলব্ধ আৰু বুকিঙৰ বাবে মুকলি কৰা হ'ব। ইয়াৰ এক্স-শ্ব'ৰুম মূল্য হৈছে ১৯.০৫ লাখ।

চাফাৰী ডার্ক সংস্কৰণটো চিগনেছাৰ অবেন ব্লেক ইণ্টেৰিয়ৰ বডীৰ ৰঙত আবৃত কৰা হ'ব, যি এতিয়া ডার্ক সংস্কৰণৰ সৈতে সম্পর্কিত। ফেণ্ডাৰ আৰু টেইলগেটৰ লগতে ১৮" ব্লেকষ্টোন মিশ্ৰণৰ মাচকটৰ এলয় ছুইলে বাহিৰৰ অংশক ডার্ক লুক প্ৰদান কৰে।ভিতৰৰ অংশ হিচাপে চাফাৰী ডাৰ্কে মুখ্য উপাদানবোৰৰ একচেটিয়া স্পৰ্শৰ সৈতে এক প্রিমিয়াম ব্লেকষ্টোন ডার্ক থীম আগবঢ়ায়। ইয়াৰ লগতে পৃথক ডার্ক ফিনিছৰ দৰে সংযোজন, বিশেষ ব্লেকষ্টোন মেট্রিক্স ডেচব'ৰ্ড আৰু প্রিমিয়াম ডার্ক আপহোলষ্ট্রী চাফাৰিৰ ভিতৰভাগ সম্পূর্ণ ডার্ক।XT+/XTA+ & XZ+/XZA+ ট্ৰিমত উপলব্ধ চাফাৰী ডার্কত অন্যান্য একচেটিয়া সুবিধা যেনে প্ৰথম আৰু দ্বিতীয় শাৰীত ভেণ্টিলেটেড চিট, এয়াৰ পিউৰিফায়াৰ আৰু এণ্ড্ৰইড অটো আৰু এপল কাৰ প্লে-অভাৰ ৱাই-ফাই পাব। বাহনৰ মুকলি অনুষ্ঠানৰ বিষয়ে মন্তব্য কৰি টাটা মটৰ্ছৰ বিক্ৰী, বিপণন আৰু গ্ৰাহক সেৱাৰ উপ-সভাপতি ৰাজন আম্বাই কয়, "যোৱা বছৰ জুলাইত মুকলি কৰা ভাৰতৰ আটাইতকৈ সুৰক্ষিত লাইন-আপৰ প্রিমিয়াম হেচবেক – অলট্রোজ, ভাৰতৰ প্রথম জিএনচিএপি ৫ষ্টাৰ ৰেটেড কাৰ- নেক্সন, টাটা মটৰ্চৰ প্রিমিয়াম মিডচাইজ এছইউভি লেণ্ড ৰোভাৰ ডিএনএ হেৰিয়াৰ আৰু ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা যাত্রীবাহী বৈদ্যুতিক বাহন – নেক্সন ইভিৰ সৈতে,ডার্ক সংস্কৰণ, অতি কম সময়ৰ ভিতৰতে যাত্রীবাহী বাহনৰ আমাৰ নিউ ফৰেভাৰ পৰিসৰৰ এক মুখ্য আধাৰ হৈ পৰিছে। আৰু এতিয়া নতুন ৰূপত চাফাৰী ডার্ক যোগ দিয়াৰ পাছতে গ্ৰাহকে অধিক ৰোমাঞ্চকৰ যাত্ৰা লাভ কৰিব। তদুপৰি ব্ৰেণ্ডবোৰত উচ্চ বিক্ৰীৰ সৈতে ডার্ক সংস্কৰনটো নিঃসন্দেহে গ্ৰাহকৰ বাবে পছন্দ অনুসৰি জনপ্ৰিয় হৈ পৰিছে। যোৱা বছৰ মুকলি হোৱা চাফাৰীয়ে ইতিমধ্যে নিজৰ মাইলৰ খুঁটি অৰ্জন কৰিছে। যি মাত্র ৬ মাহত ১০হাজাৰ ৰোলআউট সম্পূৰ্ণ কৰিছে। ডার্ক হৈছে শেহতীয়া আকৃতিৰ এছ.ইউ.ভি.ৰ #গল্ড অৱতাৰ, যাক সকলোৱে যথেষ্ট ভাল পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here