মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ উপস্থিতিত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰপতিয়ে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 February 2022

মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ উপস্থিতিত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰপতিয়ে

 



কামৰূপ জিলাৰ পচৰীয়াত আলাবৈ ৰণৰ যুদ্ধ স্মাৰক আৰু যোৰহাটৰ হোলোঙাপাৰস্থিত মহাবীৰ


লাচিত বৰফুকন মৈদামৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন ৰাষ্ট্ৰপতিৰ


কৃতজ্ঞ অসমীয়া জাতিয়ে আজি লাচিতক আকৌ এবাৰ স্মৰণ কৰিছে : মুখ্যমন্ত্রী



W7s news গুৱাহাটী ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল জগদীশ মুখীৰ উপস্থিতিত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দই শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰে পৰা ৰাষ্ট্ৰপতিয়ে কামৰূপ জিলাৰ পচৰীয়াত স্থাপন হ'ব লগা আলাবৈ যুদ্ধৰ স্মাৰক আৰু যোৰহাটৰ হোলোঙাপাৰস্থিত মহাবীৰ লাচিত বৰফুকন মৈদামৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু ৰাজ্যপাল জগদীশ মুখীয়ে মহাবীৰ লাচিত বৰফুকনৰ বৰ্ণিল জীবনগাথা আৰু বীৰত্বৰ কথা আলোকপাত কৰাৰ লগতে বীৰগৰাকীৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি আপন কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়  'আলাবৈ ৰণ আৰু শৰাইঘাটৰ ৰণ আছিল। মধ্যযুগৰ অসমৰ ইতিহাসৰ দুটা উজ্জ্বলতম ঘটনা। আলবি আছিল অসমীয়াসকলৰ দেশপ্ৰেমৰ উজ্জ্বলতম নিদর্শন। আনহাতে, শৰাইঘাটৰ ৰণ আছিল অসমৰ শৌর্য-বীর্য আৰু বীৰত্বৰ অম্লান কাহিনী। শৰাইঘাটৰ ৰণ বিশ্ব ইতিহাসৰে এক উল্লেখযোগ্য ঘটনা আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় '১৬৭১ চনত হোৱা শৰাইঘাট যুদ্ধই অকল অসমৰে সার্বভৌমত্ব সুৰক্ষিত কৰিছিল। তেনে নহয়, সমগ্র দক্ষিণ-পূর্ব এছিয়াক মোগলৰ আগ্রাসী শক্তিৰ কবলৰ পৰা ৰক্ষা কৰিছিল। এই বিজয়ৰ মূল নায়ক আছিল সেনাপতি লাচিত বৰফুকন। এইগৰাকী মহান বীৰযোদ্ধাক কৃতজ্ঞ অসমীয়া জাতিয়ে আজি আকৌ এবাৰ স্মৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

আলাবৈৰ ৰণৰ স্মৃতি ৰোমছন কৰি মুখ্যমন্ত্ৰীয়ে কয়  জন্মভূমিৰ হকে এদিনৰ ৰণত ১০ হাজাৰ সেনাই জীৱন দান দিয়া নজিৰ বিশ্বৰ ইতিহাসতে বিৰল। অসমীয়া সেনাৰ এনে দেশপ্ৰেমৰ চানেকি বিশ্ববাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ পচৰীয়াত আলাবৈ ৰণৰ যুদ্ধ স্মাৰক নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ বাবে আলাবৈ পাহাৰৰ শীৰ্ষত এটা মৈদাম নিৰ্মাণ কৰা হ'ব। অসমীয়া সৈন্যৰ ত্যাগক যুগমীয়া কৰি ৰাখিবলৈ এখনি ৩০ মিটাৰ উচ্চতাৰ হেংদাং এই স্মাৰক ক্ষেত্ৰত স্থাপন কৰা হ'ব। এই হেংদাঙৰ

আগটো ৮৫ মিটাৰ উচ্চতাত থাকিব আৰু দূৰৰ পৰাই দৃশ্যমান হ’ব। পাহাৰৰ নামনিত এটা যাদুঘৰ স্থাপন কৰা হ’ব, য'ত থাকিব এটি বীথিকা, দৃশ্য-শ্রাব্য গেলেৰী, প্রদর্শনী ভবন, স্মাৰক বিপণী, হস্তশিল্পজাত সামগ্ৰীৰ বিপণী আৰু গ্ৰন্থ বিপণী। প্ৰদৰ্শনীৰ সামগ্ৰীবোৰে আহোম সংস্কৃতিৰ এটি ৰূপ পৰ্যটকসকলৰ বাবে দাঙি ধৰিব। আনহাতে যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত লাচিত বৰফুকনৰ সমাধিস্থলক পৰ্যটকৰ আকর্ষণীয় স্থলীৰূপে সজাই তোলাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে ৫০ বিধা ভূমিৰ এটি সুবিশাল প্রকল্পত প্রেক্ষাগৃহ, অতিথিশালা, যাদুঘৰ ইত্যাদি গঢ়ি তোলা হ'ব। মৈদামৰ কাষতে অৱস্থিত এটি পুখুৰী নান্দনিক ৰূপত বিকশাই তোলা হ’ব। ৬০ ফুট উচ্চতাৰ এখন মঞ্চত লাচিত বৰফুকনৰ ১৫০ ফুট ওখ এটি ব্ৰঞ্জৰ মূর্তি স্থাপন কৰা হ'ব। শব্দ আৰু আলোকৰ প্ৰদৰ্শনীৰ বাবে এখন মুকলি মঞ্চ (এম্ফিথিয়েটাৰ) স্থাপন কৰা হ'ব। এই সমুহৰ উপৰি ইয়াত থাকিব এটা গৱেষণা কেন্দ্র। অসমীয়া সংস্কৃতিৰ অধ্যয়নৰ বাবে এই কেন্দ্ৰই গৱেষকসকলক সমল যোগাব। ইয়াত থকা পুথিভঁৰাল পৰ্যটকসকলৰ বাবে মুকলি থাকিব।অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তথা হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ লগতে মন্ত্রীসভাৰ কেইবাগৰাকীও সদস্য, বিধায়ক আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here