W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটী অট'ৰিস্কা মালিক সন্থাৰ উদ্যোগত শুকুৰবাৰে গণেশগুৰিস্থিত সন্থাৰ কার্যালয় প্ৰাংগনত এখন সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে গুৱাহাটী অট'ৰিস্কা মালিক সন্থাৰ সভাপতি ইউছুফ খান আহমেদে সন্থাৰ বিষয়ে চমুকৈ কয়। আনহাতে সন্থাৰ
সাধাৰণ সম্পাদক ৰূপম কলিতাই অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰে। অনুষ্ঠানত সন্থাৰ প্রচাৰ সম্পাদক দীলিপ কুমাৰ কলিতা, কাৰ্যবাহী সদস্য ছফিকুৰ ৰহমান, মহেশ ঠাকুৰীয়া, খগেন শইকীয়া, জগদীশ সাহা, শ্বাহজাহান চৌধুৰী, প্ৰসন্ন ভূঞা আদি সন্থাৰ বিষয় ববীয়া উপস্থিত থাকে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দেৱ শৰ্মা আৰু জয়ন্ত দাসে চমু বক্তব্য আগবঢ়ায়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দেৱ শৰ্মা,জয়ন্ত দাসৰ লগতে সাংবাদিক মহেশ চৌধুৰী, ধীৰেন শৰ্মা, আব্দুল হালিম, অনুপমা ডেকা, ৰন্টু নেওগ, জাহ্নৱী বৰুৱা,আজাদ জাকাৰীয়া, বিজয় কলিতা, তাৰিফুদ্দিন আহমেদৰ লগতে কেইবাজনো জ্যেষ্ঠ, কনিষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।
No comments:
Post a Comment