ৰ’বটিক অস্ত্রোপচাৰৰ সহায়ত কৰা আঁঠু সংৰোপন চিকিৎসা সহজ হৈ পৰিছে- ডাঃ মদন মোহন ৰেড্ডী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 25 February 2022

ৰ’বটিক অস্ত্রোপচাৰৰ সহায়ত কৰা আঁঠু সংৰোপন চিকিৎসা সহজ হৈ পৰিছে- ডাঃ মদন মোহন ৰেড্ডী

 



২০২৫ চনৰ ভিতৰত এক মিলিয়ন আঁঠুৰ সংৰোপন কৰাৰ লক্ষ্য


W7s news ষ্টাফৰিপোৰ্টাৰ: 

'আথ্রাইটিছ সম্পূর্ণৰূপে নিৰাময় নহবও পাৰে কিন্তু নতুন চিকিৎসা পদ্ধতিয়ে দীর্ঘস্থায়ী ভাবে বিষ নিৰাময় কৰাত সুফল প্ৰদান কৰিছে। আথ্রাইটিছৰ বাবে যিসকল ৰোগীয়ে বেছি আঁঠুৰ বিষত ভুগি আছে, তেওঁলোকৰ বাবে ৰ'বটৰ সহায়ত কৰা আঁঠুৰ সংৰোপনে ক'ম সময়ত বিষ নিৰাময়ত দীর্ঘমাদী সহায় কৰে- এইদৰে কয় , চেন্নাইৰ এপ'ল' হাস্পতালৰ

জ্যেষ্ঠ অর্থপেডিক বিশেষজ্ঞ চার্জন (ৰ’বটিক আঁঠু সংৰোপন চাৰ্জন)

ডাঃ মদন মোহন ৰেড্ডীয়ে। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয় ' 

পৰম্পৰাগত আঁঠু সংৰোপণ অস্ত্ৰোপচাৰৰ কৃতকাৰ্য্তাৰ হাৰ যদিও ৯০-৯৫ শতাংশ, ৰ'বটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এই হাৰ ১০০ শতাংশ। 

 সচৰাচৰ ব্যৱহাৰ হোৱা কৃত্রিম আঁঠু  ২০-২৫ বছৰ মান সুচল হৈ থাকে তাৰোপৰি ইয়াক ৬০ বছৰৰ তলৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নাযায়। এনে ক্ষেত্ৰত নতুন পদ্ধতিৰে সম্পূৰ্ণ আঁঠু সংৰোপনে পৰিবৰ্তন আনিছে। ৰ'বটিক আঁঠু বদলিকৰণৰ ক্ষেত্ৰত সাধাৰণতে থকা এটা ভুল ধাৰণা হ'ল সম্পূৰ্ণ অস্ত্ৰোপচাৰ ৰ'বটৰ দ্বাৰা কৰা হয়। এইটো আচলতে সত্য নহয়, ৰ’বটিক হাতৰ দ্বাৰা কৰা এই অস্ত্রেপচাৰ চার্জনেহে নিয়ন্ত্ৰণ কৰে। প্ৰযুক্তিৰ দ্বাৰা এই পদ্ধতি অন্য ধৰণেও কৰা হয়। চাৰ্জাৰীৰ আগত ৰোগীৰ আঁঠুৰ থ্ৰি ডি

 মডেলৰ চিটি স্কেন কৰা হয়।


অপাৰেচনৰ সময়ত চাৰ্জনে আগতে নির্দিষ্ট ঠাই উলিয়াব পৰাকৈ ৰধটিক হাতে থ্ৰী ডি মডেলৰ পৰা ডাটা আহৰণ কৰে যাতে চৌপাশে থকা কলা সমূহৰ কোনো ক্ষতি নহয়।ৰ'বটৰ সহায়ত কৰা পদ্ধতিৰ দ্বাৰা কম সময়তে ৰোগী সুস্থ হৈ উঠে। এনে পদ্ধতিৰ দ্বাৰা চার্জনে সংস্থাপন কৰিবলগীয়া কৃত্রিম আঁঠু নির্দিষ্ট স্থানত বহুৱাবলৈ সক্ষম হয়।২০০৩ চনত আমি ৯ হাজাৰ আঁঠুৰ সংৰোপন কৰিছিলোঁ আৰু এতিয়ালৈকে আমি ৩ লাখ ৫০ হাজাৰ আঁঠুৰ সংৰোপন কৰিবলৈ সক্ষম হৈছোঁ।

 । ২০২৫ চনৰ ভিতৰত এক মিলিয়ন আঁঠুৰ সংৰোপন কৰাৰ লক্ষ্য লৈছোঁ। সাধাৰণতে বয়স বাঢ়ি যোৱাৰ লগে লগে তথা জীৱন শৈলীৰ পৰিবৰ্তন, ওজন বৃদ্ধি আদি বিভিন্ন কাৰণত আঁঠুৰ ৰোগ, বিষ বৃদ্ধি হয়। উচিত সময়ত চিকিৎসক কাষ চাপিলে এই ৰোগত ভোগা ৰোগী সকল সুস্থ হৈ উঠিব পাৰে।' 

সংবাদ মেলত বিশেষজ্ঞ চিকিৎসক ডাঃ নিৰজ গান্ধী উপস্থিত থাকি এই ৰোগৰ আধুনিক চিকিৎসাৰ বিষয়ে কয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here