অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 February 2022

অইলৰ লাভৰ পৰিমাণ ১৫২ শতাংশলৈ বৃদ্ধি

 






 W7s news ষ্টাফৰিপোৰ্টাৰ: লাভৰ পৰিমাণ বৃদ্ধি পাইছে অইল ইণ্ডিয় লিমিটেডৰ। ২০২১ চনৰ ৩১ ডিচেম্বৰত কৰ পৰিশোধৰ অন্তত অইলৰ লাভৰ পৰিমাণ বৃদ্ধি পাইছে ১৫২ শতাংশলৈ। অর্থাৎ বিগত বৰ্ষত প্রথম নমাহৰ ৮৯৪.০৩ কোটি টকাৰ তুলনাত চলিত বৰ্ষত অইলৰ লাভৰ পৰিমাণ বৃদ্ধি পাই ২,২৫৭.৩০ কোটি টকালৈ। মহানগৰীৰ নাৰেংগীত থকা অইলৰ পাইপ লাইন শাখাৰ মুখ্য কাৰ্যলয়ত আজি অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে অইলৰ মূখ্য পৰিচালন সঞ্চালক  সুশীল চন্দ্ৰ মিশ্রই। সংবাদমেলত অইলৰ শীৰ্ষ বিষয়গৰাকীয়ে কয় যে কোম্পানীটোৰ মুঠ আয় বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে থকা ৬০২৮.৭২ কোটি টকাৰ তুলনাত বৰ্তমান ১০০৫১.৫৭ কোটি টকালৈ বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে প্রাকৃতিক গেছৰো উৎপাদন। ২০২০-২১ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত অইলৰ প্ৰাকৃতিক গেছৰ উৎপাদন বৃদ্ধি পাইছে ১৭.৮৩ শতাংশলৈ। ২০২০-২১ বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত ২৭৭.৪২ কোটি হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত EBITDA হয় ২,২৩৫.৭২ কোটি টকা। ২০২০ চনৰ ৩১ ডিচেম্বৰত শেষ হোৱা ৯ মাহৰ EBITDA ৪,৮১৩.৬৩ কোটি টকা হয়। অইল পৰিষদে ২০২১-২২ বৰ্ষৰ বাবে প্ৰতিটো শ্বেয়াৰত দ্বিতীয় ইন্টাবিম ডিভিডেণ্ড ৫.৭৫ টকা ঘোষণা কৰিছে অর্থাৎ ২০২১-২২ বিভীয় বৰ্ষৰ আজিৰ তাৰিখলৈকে মুঠ ইণ্টাৰিম ডিভিডেণ্ড হৈ পৰে প্ৰতিটো শ্বেয়াৰত ৯.২৫ টকা (প্রত্যক্ষ মূল্য ০ টকা)। ২০২০-২১ বৰ্ষৰ তৃতীয় ত্রৈমাসিক গড় খাৰুৱা তেলৰ মূল্য প্রাপ্তি ৪৪.০৯ শতাংশ বিবিএল আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ তৃতীয় ত্রৈমাসিক ৭৮.৫৯ বিবিএল আমেৰিকান ডলাৰ হয়, অর্থাৎ ৭৮.২৫ শতাংশ বৃদ্ধি পায়। ২০২০-২১ বৰ্ষৰ ৩১ ডিচেম্বৰত শেষ হোৱা ৯ মাহৰ খাৰুৱা তেলৰ মূল্য প্রাপ্তি ৩৮.৯৮ বিবিএল আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ ৩১ ডিচেম্বৰত শেষ হোৱা ৯ মাহত ৭২.৪১ বিবিএল আমেৰিকান ডলাৰ হয়, অর্থাৎ ৮৫.৭৬ শতাংশ বৃদ্ধি পায়। ২০২০-২১ বৰ্ষৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত গড় প্রাকৃতিক গেছৰ মূল্য ১:৭৯ এমএমবিটিইউ আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ তৃতীয় ত্রৈমাসিক ২.৯০ এমএমবিটিইউ আমেৰিকান ডলাৰলৈ বৃদ্ধি হয়, অর্থাৎ ১.০১ এমএমবিটিইউ আমেৰিকান ডলাৰ বৃদ্ধি পায়। ২০২০-২১ বৰ্ষৰ ৩১ ডিচেম্বৰত শেষ হোৱা ৯মাহৰ প্ৰকৃতিক গেছৰ মূল্য প্রাপ্তি ২.১৯ এমএমবিটিইউ আমেৰিকান ডলাৰ হোৱাৰ বিপৰীতে ২০২১-২২ বৰ্ষৰ ৩১ ডিচেম্বৰত শেষ হোৱা ৯ মাহত ২.১৬ এমএমবিটিইউ আমেৰিকান ডলাৰ হয়, অর্থাৎ ০.০৩ এমএমবিটিইউ আমেৰিকান ডলাৰ হ্ৰাস পায়। মুঠ ৮,৬৭৫.৯৬ কোটি টকা ব্যয়েৰে ২৬ মার্চ ২০২১ তাৰিখে অইলে এন আৰ এলত ৩৯,৮৪,৩৬,৯২৯ ইকুইটি শ্বেয়াৰ লাভ কৰে, যাঁত অসম চৰকাৰৰ হৈ ক্ৰয় কৰা ৭,৭৪,৮০,৭৪৬ শ্বেয়াৰো হৈ আছে। অসম চৰকাৰৰ হৈ বিপিচিএলৰ পৰা অইলে ক্ৰয় কৰা সমগ্ৰ ৭,৭৪,৮০,৭৪৬ ইকুইটি শ্বেয়ব হস্তান্তৰ প্ৰক্ৰিয়া ৩ জানুৱাৰী, ২০২২ তাৰিখে শেষ হয়। অসম চৰকাৰৰ শ্বেয়াৰ হস্তান্তৰৰ পাছত বৰ্তমান এন আৰ এল ইকুইটিত অইলৰ ৬৯.৬৩ শতাংশ স্টেঙ্ক আছে। চিটি গেছ বিতৰণ নেটৱৰ্কৰ বিকাশৰ বাবে PNGRB যে আৰম্ভ কৰা চিটি গেছ বিতৰণ নিৰ্বিদা ১১ সংখ্যক ৰাউণ্ডত অইল এজিচিএল জোঁটে (অইল ৪৯ শতাংশ আৰু এজিচিএল-৫১ শতাংশ) তিনিটা ভৌগোলিক (ত্রিপুৰাৰ দুখন আৰু অসমৰ উত্তৰ পাৰৰ এখন) এলেকাত চিটি গেছ বিতৰণৰ বিকাশৰ কৰ্তৃত্বৰ বাবে আগ্রহ পত্র (LOI) লাভ কৰে। অইল ইণ্ডিয়া লিমিটেডে এইএম প্রযুক্তিৰ (AEM Technology) সহায়ত গ্রীন হাউড্ৰ'জেন উৎপন্ন কৰিবলৈ অসমৰ যোৰহাটস্থিত ইয়াৰ পাম্প ষ্টেচনতত এক ১০০ কিলোৱাটৰ ‘গ্রান হাইড্ৰ'জেন' প্রযুক্তি প্রতিষ্ঠাৰ বাবে পদক্ষেপ গ্রহণ কৰে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ দ্বাৰা ৰূপায়ণ কৰা ই হৈছে দেশৰ ভিতৰত প্ৰথমটো এনে ধৰণৰ প্ৰকল্প। বাঢ়ি অহা শক্তিৰ প্ৰয়োজন পূৰ কৰিবলৈ শেহতীয়াকৈ সমগ্র বিশ্বজুৰি শক্তি আটাইতকৈ স্বচ্ছ ৰূপ হিচাপে হাইড্ৰ'জেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২১ বৰ্ষত আৰম্ভকৰা অইলৰ ভালেমান গুৰুত্বপূৰ্ণ প্ৰকল্পৰ ভিতৰত বাঘজানত ফিল্ড গেছ গেদাৰিং ষ্টেচনৰ নিৰ্মাণ আৰু নুমলিগড়-চিলিগুড়ি প্রড়াক্ত পাইপালাইন সুবিধাৰ উন্নীতকৰণ হৈছে দুই প্রধান প্রকল্প। অন্বেষা আৰু বিকাশৰ ক্ষেত্ৰত ২৫ টা অ'এলপি ব্লকৰ প্ৰায় সংখ্যকতে ভূকম্পীয় তথ্য অধিগ্রহণ সম্পূর্ণ হয় আৰু এই মাহৰ আৰম্ভণিতে ইয়াৰে ৰাজস্থানস্থিত এটা ব্লকতো কার্যও আৰম্ভ কৰি দিয়া হয়। এই মাহতে অইলে শদিয়াত ৬৪৫০ মিটাৰৰ গভীৰ কুপৰ খননৰে কাম আৰম্ভ কৰিছে। সংবাদমেলত অইলত কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here