গুৱাহাটী প্ৰেছ ক্লাৱত বন্দনা বৰঠাকুৰৰ অনুবাদ গ্রন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 February 2022

গুৱাহাটী প্ৰেছ ক্লাৱত বন্দনা বৰঠাকুৰৰ অনুবাদ গ্রন্থ উন্মোচন

 '










W7s News ষ্টাফৰিপোৰ্টাৰ  :লেখিকা বন্দনা বৰঠাকুৰে হেলেন কেলাৰৰ 'ষ্টৰী অফ মাই লাইফ'ৰ অসমীয়া ভাষাত কৰা অনুবাদ গ্রন্থ 'মোৰ জীৱন কাহিনী' মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। অনুবাদ গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় 'অনুবাদৰ কাম ডাঙৰ কাম। লেখিকাই জীৱনৰ ঘাট প্রতিঘাটৰ মাজতে যিটো কাম কৰিছে সেয়া সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। যিকোনো সমস্যা সম্পদলৈ ৰূপান্তৰ কৰিব পাৰি সেয়া লেখিকাই প্ৰমাণ কৰি দেখুৱালে। লেখিকাই হেলেন কেলাৰৰ 'ষ্ট্ৰৰি অফ মাই লাইভ' অসমীয়া ভাষালৈ অনুবাদ কৰি অত্যন্ত ভাল কাম কৰিছে। হেলেন কেলাৰ হ'ল হাৱাৰ্ড ইউনিভাৰ্চিটিৰ প্ৰথম গৰাকী বিশেষভাৱে সক্ষম স্নাতক। অত্যন্ত মেধা সম্পন্ন হেলেন কেলাৰৰ গ্ৰন্থখন অসমীয়া ভাষাত অনুবাদ হোৱাৰ ফলত পাঠক সমাজ বাৰুকৈয়ে উপকৃত হ'ব পাৰিব। এতিয়াও দিবাংগ সকল পৰ্যাপ্ত সন্মান আৰু সা-সুবিধাৰ পৰা বঞ্চিত। সকলোকে অনুপ্ৰেৰণা দিব এইখন গ্রন্থই। এই গ্ৰন্থখন অসমীয়া ভাষাত পাঠকক পঢ়াৰ সুবিধা দিয়া বাবে লেখিকাক ধন্যবাদ জনালোঁ।'প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰা উন্মোচনী সভাখন আঁতধৰে প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশনৰ স্বত্বাধিকাৰী অবিনাশ শৰ্মাই। সভাত অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, প্রাক্তন অধ্যাপক, গৱেষক ড০ জগদীশ পাটগিৰি, অসম সত্ৰ মহাসভাৰ সভাপতি পৱিত্ৰ শৰ্মা আৰু লেখিকাৰ মাতৃ নীলিমা কটকীয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। সভাত লেখিকাই গ্ৰন্থখনৰ আঁৰৰ কথা কয় আৰু গ্ৰন্থখন পাঠক সমাজে যাতে আদৰি লয় তাৰে আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here