আজি স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 February 2022

আজি স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান

 

 বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰালৈ স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা





W7s News ষ্টাফৰিপোৰ্টাৰ : অসমীয়া কৃষ্টি সংস্কৃতিলৈ অনবদ্য অবদান আগবঢ়াই যি সকলে কৃষ্টিৰ পথাৰখন উর্বৰ কৰিলে তেওঁলোকৰ কৰ্মক সন্মান আৰু শ্ৰদ্ধা জনাবলৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে বুধবাৰে এটা অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত অসমৰ নাট্য জগতলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট নাট্য শিল্পৰ সাধক জিতেন্দ্ৰ নাথ বৰাক (২০২২ চনৰ বাবে) স্বভাৱ শিল্পী অমূল্য কাকতী স্মাৰক বঁটা প্ৰদান কৰা হ'ব। গুৱাহাটীৰ উজানবজাৰ স্থিত বিবেকানন্দ কেন্দ্র প্ৰেক্ষাগৃহত বুধবাৰে বিয়লি ২ বজাত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত সকলোৰে উপস্থিত আৰু সহায় সহযোগিতা কামনা কৰিছে ছাত্র শিল্পী সাহিত্যিক কল্যাণ ন্যাসৰ সভাপতি বীৰেন সিংহ, সম্পাদক বিপুল ৰাভা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন,সাধাৰণ সম্পাদক নয়নজ্যোতি নাথে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here