ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লক উদ্বোধন ৰাউণ্ড টেবুল ইণ্ডিয়াৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 February 2022

ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লক উদ্বোধন ৰাউণ্ড টেবুল ইণ্ডিয়াৰ

 


W7s News ষ্টাফৰিপোৰ্টাৰ : স্বেচ্ছাসেৱী সংস্থা ৰাউণ্ড টেবুল ইণ্ডিয়া চমুকৈ আৰটিআই আৰু ৰাউণ্ড টেবুল ইণ্ডিয়া ফাউণ্ডেচন চমুকৈ (আৰটিআইএফ)এ আজি গুৱাহাটী মেট্ৰ ৰাউণ্ড টেবুল ৩২০, গুৱাহাটী প্ৰগ্ৰেছিভ ৰাউণ্ড টেবুল ২৩৮ৰ সহযোগত ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত নতুনকৈ নিৰ্মাণ কৰা শ্ৰেণীকোঠা মুকলি কৰা হয়। উক্ত বিদ্যালয়খনত ডেক্স-বেঞ্চৰ লগতে চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লকটোত ৰাউণ্ড টেবুল ইণ্ডিয়াৰ ফ্ৰীডম থু এডুকেশ্বন কাৰ্যসূচীৰ অধীনত নিৰ্মাণ কৰি উলিওৱা হৈছে। নতুনকৈ নিৰ্মাণ কৰা ক্ষেত্ৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এই চাৰিটা শ্ৰেণীকোঠাযুক্ত ব্লকে কামৰূপ মহানগৰৰ উক্ত অঞ্চলৰ ৬৪০ গৰাকী শিক্ষার্থী উপকৃত হ’ব। উক্ত উদ্বোধনী অনুষ্ঠানত ৰাউণ্ড টেবুল ইণ্ডিয়াৰ এৰিয়া চেয়াৰমেন, গুৱাহাটী মেট্‌’ ৰাউণ্ড টেবল ৩২০ ৰ ১৪ এৰিয়া চেয়াৰমেন, গুৱাহাটী প্ৰগ্ৰেছিভ ৰাউণ্ড টেবুল ২৩৮-ৰ অধ্যক্ষৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সচিব আৰু অন্যান্য বিশিষ্ট ব্যক্তি আৰু অতিথিসকল উপস্থিত আছিল। ৰাউণ্ড টেবুল ইণ্ডিয়াই বিভিন্ন অঞ্চলত ফ্রীডম থু এডুকেশ্যন শীৰ্ষক কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয়ত আটক ধুনীয়াকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰি আহিছে। সমগ্ৰ দেশতে ৰাউণ্ড টেবুল ইণ্ডিয়াই একাধিক সমাজ সেৱা আৰু দ্ৰৰিদ্ৰ লোকৰ বাবে উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি আহিছে। সকলোকে শিক্ষাৰে উজলাই তোলাৰ লক্ষ্যৰে ৰাউন টেবুল ইণ্ডিয়াই ফ্ৰীডম থু এডুকেচন কাৰ্যসূচীৰ জৰিয়তে শিশুসকলক আকৰ্ষিত কৰি আহিছে। যিসমূহ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে, সেই বিদ্যালয়সমূহত ৰাউন টেবুল ইণ্ডিয়াই চাৰিটাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ লগতে প্ৰস্ৰাৱগাৰ, লাইব্ৰেৰী, বিজ্ঞানাগাৰ, খেলপথাৰ, খোৱাপানীৰ ব্যৱস্থা আদিৰ সুবিধা প্ৰদান কৰি আহিছে। ১৯৯৭ ৰ পৰা ৰাউন টেবুল ইণ্ডিয়াই ৭৫০৫ টা শ্ৰেণীকোঠা নিৰ্মাণ কৰি উলিওৱাৰ লগতে ৩১৪৯ টা প্ৰকল্প ৰূপায়ণ কৰি আহিছে। উক্ত আঁচনিৰ জৰিয়তে ৭.৯০ মিলিয়ন শিক্ষার্থী উপকৃত হৈছে সমগ্ৰ দেশত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here