সমাজকর্মী বিপুল ৰহমানৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 26 February 2022

সমাজকর্মী বিপুল ৰহমানৰ মৃত্যু

 



W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ ছয়মাইল (জয়ানগৰৰ )বাসিন্দা, বিশিষ্ট সমাজকর্মী বিপুল ৰহমানৰ শনিবাৰে পুৱা ৬ বজাত মৃত্যু হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। গুৱাহাটী অ'টো ৰিস্ক্সা মালিক সন্থাৰ প্ৰাক্তন কাৰ্যবাহী সদস্য, ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈ একেৰাহে বৃহত্তৰ গুৱাহাটী অ'টো ৰিস্ক্সা সন্থাৰ সাধাৰণ সম্পাদক, ১৯৯৮ চনৰ সদৌ অসম অ'টো ৰিস্ক্সা সন্থাৰ সাধাৰণ সম্পাদকৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। তেওঁ ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ অসমৰ বিভিন্ন প্ৰান্তত হুবহু মুকেশৰ কন্ঠৰ গীত পৰিবেশন কৰি জনতাৰ মন মুহিবলৈ সক্ষম হৈছিল। ২০০০ চনত কংগ্ৰেছ চৰকাৰৰ দিনত অৰুণাচল,মণিপুৰ, নগালেণ্ড আদি ৰাজ্যত চৰকাৰৰ নিৰ্বাচনৰ হকে বিপুল ৰহমানৰ কণ্ঠৰ গীতৰ শ্ৰৱ্য সঁফুৰা মুকলি কৰি দিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৬০ বছৰ। তেওঁ কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ,  এগৰাকী কন্যা, জোঁৱাই, বোৱাৰী, নাতি-নাতিনী, ভাতৃ চেলিমুৰ ৰহমানক এৰি যায়। তেওঁৰ সিজুবাড়ি কবৰস্থানত শনিবাৰে আবেলি ৪.৩০ বজাত জানাজা নামাজ সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত ছয়মাইল জয়া নগৰৰ বাসিন্দাৰ লগতে সমগ্ৰ অ'টো ৰিস্ক্সা সমাজে শোক প্ৰকাশ কৰে।গুৱাহাটী অ'টো ৰিস্ক্সা মালিক সন্থাৰ সভাপতি ইউচুফ আহমেদে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here